নিয়মীয়া বাৰ্তা, ১৭ মেঃ নগৰবেৰাৰ ভখুৰাদিয়াত ৰাইজে আজি পুৱাৰ ভাগত খেদি খেদি দুই ড্ৰাগছ আসক্ত যুৱকক ধৰি টুপামাৰী আৰক্ষীক গটাই দিয়ে। আনহাতে ৰাইজৰ ৰোষত পৰাৰ ভয়ত ঘৰ এৰি পলায়ন চতুৰ ড্ৰাগছ বেপাৰীৰ। প্ৰাপ্ত তথ্য অনুসৰি ভখুৰাদিয়া পাহাৰতল অঞ্চলত বাবৰ আলীৰ পুত্ৰ কেনভাচাৰ চফিকুল ইছলামে দীৰ্ঘদিনৰে পৰা অবাধে চলাই গৈছে মুকলি ড্ৰাগছৰ বেহা। আজি পুৱাৰ ভাগত দুই ড্ৰাগছ আসক্ত যুৱক ক্ৰমে নগৰবেৰাৰ পিজুপাৰা গাঁৱৰ ৰতন কলিতাৰ পুত্ৰ সৌৰভ কলিতা আৰু ভখুৰাদিয়া গাঁৱৰ জুৰাণ আলীৰ পুত্ৰ ৰাহুল আমিনক ড্ৰাগছ ব্যৱসায়ী চফিকুল ইছলামৰ ঘৰত ড্ৰাগছ কিনিব যোৱা অৱস্থাত লৈ স্থানীয় একাংশই হাতে-লোটে ধৰে যদিও চেগ বুজি এজনে পলায়ন কৰিব খোজোতেই ৰাইজে পাছে পাছে খেদি গৈ ধৰিবলৈ সক্ষম হয় আৰু পাছলৈ ধৃত দুয়োকে টুপামাৰী আৰক্ষীক গটাই দিয়ে, সম্প্ৰতি ধৃত যুৱকদ্বয় টুপামাৰী আৰক্ষীৰ জিম্মাত। দীৰ্ঘদিনৰে পৰা অঞ্চলটোত চলি থকা এই ড্ৰাগছৰ ব্যৱসায়ৰ মাজতেই দুজন আটক হোৱাৰ খৱৰে চাঞ্চল্য বিয়পায় অঞ্চলজুৰি।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস