নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জে’লফেৰতে পুনৰ চলাইছে ড্ৰাগছৰ ব্যৱসায়ঃ সৰুক্ষেত্ৰীৰ বামুণবড়ীত নিষিদ্ধ ড্ৰাগছসহ আটক এক

নিয়মীয়াবাৰ্তা, ১২ মাৰ্চ : জেলফেৰত অপৰাধীয়ে পুনৰ গঢ়ি তুলিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।সৰুক্ষেত্ৰীৰ মাজদিয়া আৰক্ষী চকীৰ অন্তৰ্গত ক্ষুদ্ৰ বামুনবড়ীত নিষিদ্ধ ড্ৰাগছসহ তেনে এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিছে আৰক্ষীয়ে৷ মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনিৰ্বাণ ৰাহাঙ আৰু তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজিব নেওগৰ নেতৃত্বত আৰক্ষীৰ দল এটিয়ে ক্ষুদ্ৰ বামুণবড়ীত অভিযান চলাই বুজন পৰিমাণৰ ব্ৰাউন ছুগাৰসহ নিচাজাতীয় টেবলেট জব্দ কৰি এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন ক্ষুদ্ৰ বামুণবড়ী গাঁৱৰ চেলিম আলীৰ পুত্ৰ বদিৰ আলী (৩৫) বুলি জানিব পৰা গৈছে৷ ধৃত বদিৰ আলীৰ পৰা ৩৬ টা সন্দেহযুক্ত ব্ৰাউন চুগাৰ ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ আৰু ১০৯ টা নিচাজাতীয় টেবলেট জব্দ কৰে আৰক্ষীয়ে৷ আৰক্ষীৰ দল এটিয়ে সাধাৰণ লোকৰ বেশত আহি ধৃত বদিৰ আলীৰ গৃহত অভিযান চলাই ড্ৰাগছ, নিচাজাতীয় টেবলেটসহ বদিৰ আলীক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে যি সময়ত অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈ অভিযান চলাই আহিছিল ঠিক সেই সময়ত ধৃত বদিৰ আলীয়ে আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল৷ঘটনাস্থলীত পৰৱৰ্তী সময়ত বৰপেটা জিলাৰ তাৰাবৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগ উপস্থিত হৈ জব্দকৃত ড্ৰাগছখিনি স্থানীয় গাঁওৰক্ষী বাহিনীৰ সম্পাদক ইলিমউদ্দিন আৰু ৰাইজৰ উপস্থিতিত চীল কৰে। উল্লেখ্য যে যোৱা ৫ ডিচেম্বৰত বদিৰ আলীক মুকালমুৱা আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰি নলবাৰী আদালতত হাজিৰ কৰোৱাত আদালতে জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷ধৃত বদিৰ আলীয়ে এমাহ পূৰ্বে জে’লৰ পৰা ওলাই আহি পুনৰ ড্ৰাগছ সৰবৰাহত জড়িত হৈ পৰি এক নেটৱৰ্ক গঢ়ি তুলিছিল৷উল্লেখ্য যে সম্প্ৰতি সৰুক্ষেত্ৰীৰ মাজদিয়া আৰক্ষী চকীৰ অন্তৰ্গত ভিতৰুৱা অঞ্চল এতিয়া অপৰাধীৰ ৰম্যভূমি হৈ পৰিছে।

প্ৰেৰক নকুল তালুকদাৰ

You might also like