নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ১১ মে: মৰিগাঁৱৰ লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে ।আজি লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত বৰবড়ী চাৰিআলীৰ ওচৰৰ দাতিয়ালবড়ীত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মৰিগাঁও আৰক্ষীৰ বিশেষ শাখা আৰু লাহৰীঘাট আৰক্ষীৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী দুটাক হাতেলোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটা ক্ৰমে আবু বক্কৰ ছিদ্দিক আৰু শ্বাহ আলম। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা ড্ৰাগছ ভৰ্তি ২৮টা কণ্টেইনাৰ সহ বৃহৎ পৰিমানৰ খালী কণ্টেইনাৰ জব্দ কৰে।উল্লেখ্যযে আবু বক্কৰ ছিদ্দিক নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৱে ইয়াৰ পুৰ্বে এনে নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত হৈ কিছুদিন আগত কাৰাগাৰ পৰা ওলাই আহে ।পুনৰ ড্ৰাগছ ব্যৱসায় অব্যাহত ৰখাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।বৰ্তমান ধৃত ড্ৰাগছ সৰবৰাহকাৰী ২টাক অধিক তথ্যৰ সংগ্ৰহৰ বাবে লাহৰীঘাট আৰক্ষীৰ জিম্মাত আনে ।অঞ্চলটো সচেতন মহলে অভিযোগ দিয়ামতে দীৰ্ঘদিনৰে পৰা ড্ৰাগছ ব্যৱসায় অব্যাহত ৰাখিছিল এই দুয়োটা সৰবৰাহকাৰী।

প্ৰেৰক আবুল কালাম

You might also like