নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত নগদ ধনসহ বৃহৎসংখ্যক ড্ৰাগছ উদ্ধাৰ

বিশেষ বাৰ্তা, ১ ডিচেম্বৰ : চৰাইদেউ জিলাত ড্ৰাগছ ব্যৱসায়ত লিপ্ত কৰোৱা হৈছে শিশুক। জিলাৰ সদৰ সোণাৰি নগৰত আজি সন্ধিয়া সোণাৰি আৰক্ষীয়ে অভিয়ান চলাই নগদ ধনসহ বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত হোৱাৰ অভিযোগত এটি দহ বছৰীয়া কিশোৰসহ তিনিজনক আৰক্ষীয়ে আটক কৰিছে৷ জানিব পৰা মতে, আৰক্ষীয়ে গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত সোণাৰি নগৰৰ ৭নং ৱাৰ্ডৰ কবৰস্থান পট্টিত আচিবুৰ ৰহমান নামৰ ড্ৰাগছ মাফিয়াটোৰ ঘৰত আজি সন্ধিয়া সোণাৰি আৰক্ষীয়ে অভিযান চলাই ৩৮ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰাৰ লগতে নগদ ৪৭ হাজাৰ উদ্ধাৰ কৰে৷ উল্লেখ্য, আৰক্ষীৰ অভিযানৰ বিষয়ে জানিব ড্ৰাগছ মাফিয়া আচিবুৰ ৰহমানে পলায়ন কৰে যদিও ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আচিবুৰৰ পত্নী শ্ববনম বেগম আৰু পিতৃ মুজিবৰ ৰহমানক আৰক্ষীয়ে আটক কৰি থানালৈ আনে৷ লগতে আচিবুৰৰ লগত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত এটি দহ বছৰীয়া কিশোৰক আৰক্ষীয়ে আটক কৰিছে৷ উল্লেখ্য, দীৰ্ঘদিনৰ পৰা আচিবুৰ ৰহমানৰ গোটেই পৰিয়ালটোৱে ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰত নিষিদ্ধ ড্ৰাগৰ যোগান ধৰি আহিছিল৷ আৰক্ষীৰ চকুত ধৰা নপৰিবৰ বাবে আচিকুৰৰ পৰিয়ালে একাংশ কিশোৰৰ জৰিয়তে বিভিন্ন ঠাইত ড্ৰাগৰ সৰবৰাহ কৰি আহিছিল৷ সোণাৰিৰ সমীপৱৰ্তী ভজো অঞ্চলৰ দহ বছৰীয়া কিশোৰটিক আচিবুৰে নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ কামত নিয়োগ কৰিছিল৷ দহ বছৰীয়া কিশোৰ এটি সাধাৰণতে আৰক্ষীৰ চকুত নপৰাৰ সুযোগ লৈ আচিকুৰৰ পৰিয়ালে নিৰ্বিঘ্নে ড্ৰাগৰ ব্যৱসায় চলাই আহিছিল৷ প্ৰাসংগিকভাৱে উল্লেখ্য, ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰিত্বৰ দায়িত্ব লোৱাৰ পাছতে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাছত সমগ্ৰ ৰাজ্যখনৰ লগতে চৰাইদেউ জিলাতো ড্ৰাগছৰ ব্যৱসায় বহু পৰিমাণে কমি আহিছিল যদিও শেহতীয়াকৈ চৰাইদেউ জিলাত পুনৰ সক্ৰিয় হৈ উঠিছে ড্ৰাগছ মাফিয়া৷ বিগত দুমাহত জিলাখনত কেইবাটাও ড্ৰাগছ মাফিয়াক আৰক্ষীয়ে আটক কৰাৰ লগতে বুজন ড্ৰাগছ জব্দ কৰিছিল৷ বিশেষকৈ অসম-নগালেণ্ড সীমান্তৱৰ্তী নামতোলা অঞ্চলটোত ড্ৰাগছ -গাঞ্জাৰ ঘাটিত পৰিণত হৈছে৷ জিলাখনৰ অসম-নগালেণ্ড সীমান্তয়েদি ড্ৰাগছ মাফিয়াই নিতৌ ড্ৰাগ সৰবৰাহ কৰি চৰাইদেউ জিলাৰ লগতে উজনি অসমৰ বিভিন্ন এলেকাত ড্ৰাগছ সৰবৰাহ কৰি আহিছে৷ আনহাতে, আটকাধীন তিনি অভিযুক্তক আৰক্ষীয়ে সোধা-পোচা অব্যাহত ৰাখিছে৷

প্ৰেৰক দীপাংকৰ পাল

You might also like