নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰ: চুৰাইবাৰী চেক গেটত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে কালি নিশা কৰিমগঞ্জ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ হেৰোইন জব্দ কৰিবলৈ সক্ষম হৈছে। এটা গোপন খবৰৰ ভিত্তিত কৰিমগঞ্জ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত ২০ কোটি টকাৰ হেৰোইন জব্দ কৰা হয়। মুঠ ১৯৪ টা চাবোনৰ বক্সত ২.৫০ কেজি হেৰোইন মিজোৰামৰ পৰা লৈ অহা হৈছিল। হেৰোইনখিনি ত্ৰিপুৰা হৈ বাংলাদেশলৈ সৰবৰাহৰ বাবে লৈ অহা হৈছিল। কৰিমগঞ্জ আৰক্ষীয়ে শুল্ক বিভাগক খবৰ দিছিল। পিছত গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষীয়ে এখন বাহনত তালাচি চলাই বৃহৎ পৰিমাণৰ চাবোনৰ বক্স উদ্ধাৰ কৰে। চাবোনোৰ বক্সৰ পৰা হেৰোইন উদ্ধাৰ হয়। তদুপৰি দুগৰাকী সৰবৰাহকাৰী কৰিমগঞ্জৰ ৰাজল উদ্দিন তালুকদাৰ আৰু হাইলাকান্দিৰ জাব্ৰুল হকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
প্ৰেৰক গৌতম তালুকদাৰ