নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল : নতুন প্ৰজন্মক তিলতিলকৈ মৃত্যুমুখলৈ ঠেলি দিয়া মাৰাত্মক বৰবিহ ড্ৰাগছৰ অবাধ প্ৰচলনে লৈ সাধাৰণ ৰাইজক চিন্তিত কৰি তোলাৰ সময়তে আজি বিয়লি শিৱসাগৰ আৰক্ষীৰ জালত পৰিল এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৷ নগৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত গ্ৰাহকৰ বাবে ড্ৰাগছভৰ্তি কন্টেইনাৰ লৈ অপেক্ষা কৰি থাকোঁতেই আৰক্ষীৰ জালত পৰা কুখ্যাত সৰবৰাহকাৰীটো ঘটনাস্থলীৰ নাতিদূৰৈৰ টেস্কি মঠাদাং গাঁৱৰ নিৱাসী কল্পজ্যোতি গগৈ (৩৪) বুলি জানিব পৰা গৈছে ৷ অভিযানকাৰী আৰক্ষীৰ দলটোৱে ড্ৰাগছ সৰবৰাহকাৰীটোৰ জিম্মাৰ পৰা চাৰিটাকৈ চাদাৰ টেমাত ভৰাই থোৱা অৱস্থাত মাৰাত্মক ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পূৰ্বৰ বন্দৱস্তি অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাজলক্ষ্মী ধাবাৰ সন্মুখত এগৰাকী ক্ৰেতাৰ বাবেই ৰৈ থাকোঁতেই জালত পৰা ধৃত কল্পজ্যোতি গগৈক অভিযানকাৰী আৰক্ষীৰ দলটোৱে ঠাইতে উপৰ্যুপৰি জেৰা চলোৱাত নিজ বাসগৃহত চাৰিটাকৈ চাবোন কেচত লুকুৱাই থোৱা অৱস্থাত ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ প্ৰাপ্ত বাতৰি মতে, আজি বিয়লি এক গোপন সূত্ৰই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহত পৰিমাণৰ ড্ৰাগছসহ এজন যুৱকে বিক্ৰীৰ বাবে অজ্ঞাত গ্ৰাহকৰ অপেক্ষাত ৰৈ থকাৰ তথ্য লাভ কৰিছিল৷ এই তথ্যৰ ভিত্তিতেই অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ময়দুল ইছলামৰ নেতৃত্বত সদৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কল্পজ্যোতি শৰ্মাই তাৎক্ষণিক অভিযান চলাই এখন স্কুটীৰে এখন ধাবাৰ সমীপত ৰৈ থকা কল্পজ্যোতি গগৈ নামৰ সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে কল্পজ্যোতিৰ স্কুটীৰ ডিকীৰ পৰা চাৰিটা চাদাৰ টেমাত ভৰাই থোৱা মাৰাত্মক ড্ৰাগছৰ লগতে টেস্কী মঠাদাঙৰ বাসগৃহৰ পৰা চাবোন কেচত লুকুৱাই থোৱা অৱস্থাত ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে স্বাস্থ্য পৰীক্ষাৰ অন্তত সদৰ আৰক্ষী থানাত মাৰাথান জেৰাৰ সন্মুখীন হোৱা ড্ৰাগছ ব্যৱসায়ী কল্পজ্যেতিয়ে শিৱসাগৰলৈ ড্ৰাগছ ডিব্ৰুগড়ৰ এটা চক্ৰৰ পৰা আনিছিল বুলি প্ৰদান কৰা স্বীকাৰোক্তিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে ড্ৰাগছ মাফিয়া কল্পজ্যেতিৰ বিৰুদ্ধে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান