নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১,৮০০ কোটি টকাৰো অধিক ড্রাগ্ছ–নিচাজাতীয় দ্রব্য জব্দ

🔹 উন্নত হৈছে আইন–শৃংখলা : অজন্তা নেওগ

বিশেষ বাৰ্তা, ১৩ ফেব্রুৱাৰী : অসমৰ সামগ্রিক আইন–শৃংখলা পৰিস্থিতি উন্নত হৈছে৷– কালি সদনত এই মন্তব্য বিত্তমন্ত্রী অজন্তা নেওগৰ৷ সদনত বাজেট দাখিল কৰি দিয়া ভাষণত মন্ত্রী নেওগে কয় যে ৰাজ্যত অপৰাধৰ সংখ্যা ২০২১ বর্ষত এক লাখৰ পৰা ২০২৩ বর্ষত ৬৩ হাজাৰলৈ হ্রাস পাইছে আৰু দোষী সাব্যস্তকৰণৰ হাৰ ৬ শতাংশৰ পৰা ১৬ শতাংশলৈ বৃদ্ধি পাইছে৷ তদুপৰি বিগত বর্ষত অসম আৰক্ষীয়ে বহুমুখী পদক্ষেপেৰে উল্লেখনীয় সফলতা লাভ কৰিছে৷ তাৰ ভিতৰত অন্যতম হৈছে সন্ত্রাসবিৰোধী অভিযান৷ য’ত ১,২০০ৰো অধিক উগ্রপন্থীয়ে আত্মসমর্পণ কৰিছে৷ নিচাযুক্ত দ্রব্য আৰু ড্রাগ্ছৰ বিৰুদ্ধে চলোৱা কঠোৰ অভিযানৰ ফলত ২০২১ বর্ষৰ মে’ মাহৰ পৰা ২০২৪ বর্ষৰ জানুৱাৰীৰ ভিতৰত ১,৮০০ কোটি টকাৰো অধিকৰ ১৬০ কিলোগ্রামতকৈ অধিক পৰিমাণৰ হেৰ’ইন, ৩১ হাজাৰ কিলোগ্রাম গাঞ্জা আৰু অন্য সামগ্রী উদ্ধাৰ কৰিছে৷ ২০২৩ চনৰ ডিচেম্বৰত আলফাৰে সম্পন্ন শান্তি চুক্তিকে ধৰি বিভিন্ন সন্ত্রাসবাদী সংগঠনৰ সৈতে স্বাক্ষৰিত শান্তি চুক্তিসমূহৰ ক্ষেত্রত হোৱা শান্তি আলোচনাত অসম আৰক্ষীয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ অসমৰ অধিকাংশ অঞ্চলৰ পৰা সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন প্রত্যাহাৰে উন্নত নিৰাপত্তা পৰিস্থিতিৰ দিশত পর্যায়ক্রমে হোৱা পৰিৱর্তনৰ লগতে অসূয়া–প্রীতি আৰু সন্ত্রাসৰ দশকসমূহৰ অন্ত পৰাটোকে সূচিত কৰিছে৷ মানৱাধিকাৰ উলংঘনৰ এক অন্যতম দৃষ্টান্ত বাল্য বিবাহ ৰোধৰ প্রতি অসম আৰক্ষী প্রতিশ্রুতিবদ্ধ৷ উপযুক্ত বিধিৰ অধীনত এইক্ষেত্রত বিশেষ অভিযান চলাই ৫ হাজাৰৰো অধিক গোচৰ ৰুজু কৰা হৈছে আৰু ৪ হাজাৰৰো অধিক লোকক গ্রেপ্তাৰ কৰা হৈছে৷ ১৪,৬৪৩গৰাকী আৰক্ষী জোৱানৰ নিযুক্তিয়ে আৰক্ষী বাহিনীক শক্তিশালী কৰা আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্রত চৰকাৰৰ দায়বদ্ধতাকে প্রতিফলিত কৰাৰ উল্লেখ কৰি মন্ত্রী নেওগে কয় যে অসম আৰক্ষীয়ে ইতিমধ্যে মূলসুঁতিলৈ ঘূৰি অহা বিভিন্ন উগ্রপন্থী সংগঠনৰ সৈতে সহস্রাধিক আত্মসমর্পণকাৰী সদস্যৰ পুনৰ সংস্থাপনৰ দিশত মনোযোগ দিছে৷ নতুন কমাণ্ডো বেটেলিয়ন শিবিৰ, আৰক্ষী থানা আৰু নিম্ন পর্যায়ৰ কর্মচাৰীৰ আৱাস নির্মাণ, ডিজিটেল অপৰাধীৰ কার্যকলাপ সৃষ্টি কৰা প্রত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে চাইবাৰ আৰক্ষী থানা আৰু আৰক্ষী চকী স্থাপন আৰু চিচি টিভি কেমেৰা স্থাপন আদিৰ দৰে পদক্ষেপেৰে আন্তঃগাঁথনিমূলক উন্নয়নত অগ্রাধিকাৰ দিয়া হৈছে৷ একে সময়তে আৰক্ষী কর্মচাৰীৰ বাবে গৃহ নির্মাণ আঁচনি, কাৰাগাৰৰ আধুনিকীকৰণ আৰু ৰাজ্যত সামগ্রিক ন্যায় ব্যৱস্থা শক্তিশালী কৰাৰ বাবে ফৰেনছিক বিজ্ঞানৰ ক্ষেত্রতো অসম আৰক্ষী সক্রিয়ভাৱে জড়িত হৈ আহিছে৷

You might also like