নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত কৰিমগঞ্জত ৬৬ কোটি টকাৰ ড্ৰাগছ জব্দ

নিয়মীয়া বাৰ্তা, ১২ জুন : ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত। এছ টি এফৰ আইজিপি পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত চলা অভিযানত কৰিমগঞ্জ আৰক্ষীয়ে পুনৰ বুজন‌ পৰিমানৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে\। লগতে আটক কৰিছে তিনি ‌সৰবৰাহকাৰী।বদৰপুৰৰ লামাজুয়াৰত ৬৬ কোটি টকাৰ ইয়াৱা টেবলেটসহ আটক কৰে তিন সৰবৰাহকাৰী।এছ টি এফৰ আইজিপি পাৰ্থ সাৰথি মহন্তই লাভ কৰা খবৰৰ ভিত্তিত কৰিমগঞ্জৰ লামাজুয়াৰত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ আৰু IGP পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত চলা ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে এই বৃহৎ সফলতা লাভ কৰে।অভিযানৰ সময়ত এখন বলেৰো কেম্পাছ গাড়ীত তালাচী চলাই ২ লাখ বিশ হেজাৰ ইয়াৱা টেবলেট উদ্ধাৰ কৰে। লগতে টেবলেট সৰবৰাহকাৰী ত্ৰিপুৰাৰ খাইৰুল হোছেইন, মামুন মিঞা,নবীৰ হোছেইন নামৰ তিনিটাক আটক কৰে।আৰক্ষীয়ে ইযাৱা টেবলেট সৰবৰাহকাৰীককেইটাক সেই স্থানৰ পৰা গ্ৰেপ্তাৰ কৰি বদৰপুৰৰ থানালৈ লৈ আহে আৰু এই সৰবৰাহৰ লগত কোন জড়িত আছে সেই কথা জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আনহাতে, ড্ৰাগছ সৰবৰাহৰ লগত জড়িত বাহন খন আৰক্ষীয়ে জব্দ কৰে। উল্লেখ্য যে মিজোৰামৰ পৰা কৰিমগঞ্জলৈ লৈ আহিছিল টেবলেট খিনি। তিনিওৰে বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। যোৱা আঢ়ৈটা বছৰ ধৰি ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আহিছে আৰু আগলৈ চলাই যাব বুলি আই জি পি পাৰ্থসাৰথি মহন্তই জানিবলৈ দিয়ে।

প্ৰেৰক অসীম দেব

You might also like