বিশেষ বাৰ্তা, ১৭ জুলাইঃ আজি শুৱালকুছিত ড্ৰাগছ ধ্বংস কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ তাৰ অংশৰূপে অসমৰ ১৫টা স্থানৰ ভিতৰত কামৰূপ আৰক্ষীৰ উদ্যোগত শুৱালকুছিৰ বংশৰতো আজি ড্ৰাগছ দাহন কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৰ নেতৃত্বত আজি বংশৰস্থিত পি এন বি ইটাভাটাত নিচাযুক্ত কেপচুল আৰু টেবলেটসমুহ দাহন কৰা হয় ৷ কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত চাহে ভাৰ্চুৱেলী প্ৰত্যক্ষ কৰা ড্ৰাগছ ধ্বংস কাৰ্যত আজি সমগ্ৰ দেশত ২ লাখ ৪ হাজাৰ ১৬ কোটি টকাৰ ড্ৰাগছ্ ধংস কৰে ৷ উল্লেখ্য যে, শুৱালকুছিত দাহন কৰা নিচা জাতীয় টেবলেট আৰু কেপচুলৰ সংখ্যা ১,৮৭,০৩২টা ৷ উক্ত নিচাজাতীয় টেবলেট আৰু কেপচুলসমুহ কামৰূপ জিলাৰ পলাশবাৰী, কমলপুৰ, ৰঙিয়া, উত্তৰ গুৱাহাটী আদি থানাই জব্দ কৰা ৷ যাৰ মূল্য প্ৰায় ৮ কোটি ৷ ভাৰত তথা অসম কিম্বা কামৰূপক ড্ৰাগছ্মুক্ত কৰি নৱপ্ৰজন্মক মাৰাত্মক ব্যাধিৰ পৰা আতৰাই ৰাখিবলৈ এক বছৰত এক মিলিয়ন ড্ৰাগছ্ ধংসৰ উদ্দেশ্যত ভাৰত চৰকাৰে প্ৰতি বছৰে ১৭ জুলাইত ড্ৰাগছ্ ধংস দিৱস পালন কৰে৷ সেয়ে কামৰূপ জিলা আৰক্ষী বিভাগেও শুৱালকুছিৰ বংশৰত নিচাযুক্ত টেবলেট ধংস কৰে ৷ দিনৰ এঘাৰ বজাত অনুষ্ঠিত ড্ৰাগছ ধংস কাৰ্যত জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, উপ-আৰক্ষী অধীক্ষক ৰাজীৱ কুমাৰ শইকীয়া, সদৰ এচ ডি অ’ শ্যামন্ত ৰবি বাৰা, হাজোৰ ৰাজহ চক্ৰ বিষয়া ড° ময়ুৰ পঙ্খী বৰা, কমলপুৰ থানৰ অ’চি বিৰেন বৰুৱা, ৰঙিয়া থানাৰ অ’চি ভাস্কৰ মল্ল পাটোৱাৰী, উত্তৰ গুৱাহাটী থানাৰ অ’চি বিমল চেত্ৰী, শুৱালকুছি থানাৰ অ’চি নৱজিৎ ডেকা, শুৱালকুছি নদী আৰক্ষীৰ অ চি অৰূপ পাঠক, পি এন বি ইটাভাটাৰ স্বত্বাধিকাৰী নাৰায়ণ বৈশ্য আদি উপস্থিত থাকে৷
প্ৰেৰক দিলীপ মেধি