নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ৫ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ

বিশেষ বাৰ্তা ২১ জুলাইঃ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বত নগাঁও জিলাত ড্ৰাগছৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলি আছে। এই অভিযানৰ অংশ হিচাবে আজি নগাঁও আৰক্ষীয়ে এক গোপন সুত্ৰৰ পমখেদি নগাঁও চহৰৰ খ্ৰীষ্টানপট্টী,এ ডি পি পথত অভিযান বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এই সন্দৰ্ভত তিনিজন দুৰ্ধষ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধিঙ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইজন হল মৰিগাৱৰ চানু শ্বেখ, ডবকাৰ গুলজাৰ হুছেইন আৰু  নিজামুদ্দিন। আৰক্ষী সুত্ৰই জনোৱা মতে চানু শ্বেখে ডিমাপুৰৰ পৰা ড্ৰাগছ খিনি নগাঁৱলৈ সৰবৰাহ কৰিছিল। তেওঁৰ দুই সহযোগী নিজামুদ্দিন আৰু গুলজাৰৰ সহযোগত বিভিন্ন স্থানলৈ প্ৰেৰণৰ পৰিকল্পনা কৰিছিল। গোপন সুত্ৰে এই খবৰ লাভ কৰি নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতীভ লাল বৰুৱা আৰু নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থ প্ৰতীম শইকীয়াৰ নেতৃত্বথ যোৱা আৰক্ষীৰ দলে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে  ৬০টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰ জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ ওজন ২কেজি ৪০০গ্ৰাম। ইয়াৰ মুল্য ৫কোটি টকা হব বুলি জানিব পৰা গৈছে। অধিক তথ্য আহৰণৰ বাবে আৰক্ষীয়ে তিনিওকে নগাঁও সদৰ থানাত জেৰা অব্যাহত ৰাখিছে। এই তিনি ড্ৰাগছ সৰবৰাহকাৰীয়ে নগাঁও  চহৰত বাহৰ পাতি  এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছে।
প্ৰেৰক কনক হাজৰিকা
You might also like