নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙালী বিহুৰ প্ৰাকক্ষণত ঢোল-পেঁপা-গগনা নিৰ্মাণেৰে স্বাৱলম্বী বাৰপূজীয়াৰ বিনোদ ডেকা

নিয়মীয়া বাৰ্তাঃ, ৭ এপ্ৰিলঃ অসমীয়াৰ অতি আদৰৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ এতিয়া ৰঙালীক আদৰিবলৈ প্ৰস্তুতি চলোৱাত ব্যস্ত সমগ্ৰ অসমবাসী ৷ বিগত দুটা বছৰে কভিডসৃষ্ট পৰিৱেশৰ বাবে অসম বাসীয়ে উদযাপন কৰিব পৰা নাছিল হেপাঁহৰ ৰঙালী বিহু ৷ কিন্তু এই বৰ্ষত সম্পূৰ্ণ কভিডমুক্ত পৰিৱেশৰ বাবে এতিয়া অসমৰ চৌদিশে ৰঙালীক আদৰিবলৈ প্ৰস্তুতি চলোৱাৰ লগতে চৌদিশে ঢোল পেঁপা গগনাৰ মাতত মুখৰ হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ ৷ আনহাতে এই সময়ত অসমৰ থলুৱা বাদ্যযন্ত্ৰ নিৰ্মাণকাৰী শিল্পীসকলে দিনে নিশাই ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ যে প্ৰতিবছৰে ৰঙালী বিহুৰ প্ৰাকক্ষণত মৰিগাঁও নগাঁও জিলাৰ সীমামূৰীয়া বাৰপূজীয়া অঞ্চলৰ বিনোদ ডেকা নামৰ যুৱকজনে নিৰ্মাণ কৰা ঢোল-পেঁপাৰ শব্দত ৰজনজনাই উঠে বিহুৰ বাকৰি ৷ অসমীয়াৰ জাতীয় জীৱনৰ অতি প্ৰাচীন লোকবাদ্যসমূহৰ ভিতৰত বৰঢোল , পাতিঢো, খোল , নাগাৰা, দবা , মৃদংগ, পেঁপা ইত্যাদি বাদ্যসমূহ অতি নিখুঁতভাৱে নিৰ্মাণ অথবা মেৰামতি বৃত্তিটোৰ প্ৰতি আকৃষ্ট হয় বাৰপূজীয়াৰ নিজ মিকিৰগাঁৱৰ যুৱক বিনোদ ডেকা ৷ কাৰ্তিক বাদ্যকাৰ নামৰ এজন বিহাৰৰ ব্যক্তিৰ লগত বিনোদে প্ৰথমে বাদ্যযন্ত্ৰ মেৰামতি সহায়ক হিচাপে কাম আৰম্ভ কৰিছিল ৷ প্ৰশিক্ষণৰ গুৰু হিচাপেও কাৰ্তিক বাদ্যকাৰে বিনোদক সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ মেৰামতি কাম তিনি বছৰৰ ভিতৰত শিকাই দিছে ৷ বৰ্তমান একোটা ঢোল বা খোল মেৰামতি কৰি এক হাজাৰৰ পৰা বাৰশ টকা উপাৰ্জন কৰা বিনোদ এতিয়া আৰ্থিকভাৱে সম্পূৰ্ণ স্বাৱলম্বী ৷ আনহাতে বিনোদে নিজে বাদ্যযন্ত্ৰ নিৰ্মাণেৰে স্বাৱলম্বী হোৱাৰ উপৰিও গাঁখনৰ তিনি চাৰি জন যুৱকক সহযোগী হিচাপে সংস্থাপন দি তেওঁলোকৰো স্বাৱলম্বনৰ পথ মুকলি কৰি দি আহিছে ৷ এতিয়া বিনোদ ডেকাৰ বাৰপূজীয়া তিনিআলিস্থিত “ সেৱাশ্ৰী ভাণ্ডাৰ ” নামৰ বাদ্যৰ প্ৰতিষ্ঠানৰ পৰা মৰিগাঁও ,নগাঁও জিলাৰ উপৰি তেজপুৰ , গোলাঘাট , যোৰহাট , শিৱসাগৰ , গুৱাহাটী আৰু কাৰ্বি আংলঙৰ পৰা ক্ৰেতা আহি বিহুৰ প্ৰাকক্ষণত ভিৰ কৰা পৰিলক্ষিত হয় ৷ ৰঙালী বিহুৰ প্ৰাকক্ষণত বিনোদৰ বাদ্যযন্ত্ৰ নিৰ্মাণ প্ৰতিষ্ঠানত ঢোল পেঁপাৰ মাতত উখল মাখল হৈ পৰিছে ঢ়ুলীয়াসকল ৷

প্ৰেৰক মানস নাথ

You might also like