নিয়মীয়া বাৰ্তা, ৩০ জুনঃ চিৰাং জিলাৰ বিজনীত আজি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ উপস্থিতিত বিহু নৃত্যৰে গীনিজ বুক অৱ ৰেকৰ্ডৰে বিশ্ব অভিলেখ গঢ়ি অসমলৈ গৌৰৱ কঢ়িয়াই আৰু এই অভিলাষ কাৰ্যসুচীত অংশ গ্ৰহণ কৰা চিৰাং জিলাৰ বিহুৱা- বিহুৱতী সকলক আজি মানপত্ৰ আৰু আৰু মাননীৰ চেক বিতৰণ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে বিজনী মহাবিদ্যালয়ৰ বীৰেন্দ্ৰগিৰি বসুমতাৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত প্ৰমাণপত্ৰ আৰু চেক বিতৰণ কাৰ্যসূচীৰ জৰিয়তে বিগত ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত গীনিজ বুক অফ ৰেকৰ্ডৰ বাবে চিৰাং জিলাৰ পৰা অংশগ্ৰহণ কৰা ৪০ গৰাকী বিহুৱা আৰু বিহুৱতীক প্ৰমাণপত্ৰ আৰু চেক বিতৰণ কৰা হয়। বিহুৱা নাচনী সকলক দুখনকৈ প্ৰমাণপত্ৰ, পৰ্টেলৰ জৰিয়তে নিজৰ নিজৰ একাউণ্টত ২৫ হেজাৰ টকা আগবঢ়ায়। অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ভাষণত কয় যে বিহু বিশ্ব ৰেকৰ্ড কৰা বিষয়টো এক গৌৰৱৰ কথা ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে এই দৃশ্য দেখি অভিভূত হৈ পৰিছিল ৷ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই অসমৰ সংস্কৃতি বিহুক লৈ অভিলেখ গঢ়াৰ বাবে অসমৰ যুৱক যুৱতী সকলক সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত দায়বদ্ধতা আহিছে বুলি মত ব্যক্ত কৰে ৷ চিৰাঙৰ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীয়ে আঁত ধৰা অনুষ্ঠানত বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে পথ সুৰক্ষা আৰু সজাগতাৰ ওপৰত চুটি নাট পৰিৱেশন কৰে৷ অনুষ্ঠানত চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়েও ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত বিজনীৰ প্ৰাক্তন বিধায়ক কমলসিং নাৰ্জাৰী, বিজনীৰ মহকুমাধিপতি অভিষেক জৈন, বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বীৰহাসগিৰি বসুমতাৰীসহ কেবাজনো অতিথিয়ে অংশ গ্ৰহণ কৰে ৷
প্ৰেৰক বৰ্ণালী তালুকদাৰ