নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ডিমৌ-নিতাইপুখুৰীত ড্ৰাই ডে’ ঘোষণা

নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰ :  ৮ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱে এক নিৰ্দেশযোগে ডিমৌ আৰু নিতাইপুখুৰী এলেকাত ৬ নৱেম্বৰৰ বিয়লি ৪ বজাৰ পৰা ৮ নৱেম্বৰৰ বিয়লি ৪ বজালৈ আৰু ১০ নৱেম্বৰৰ ভোট গণনা কাৰ্য্য সমাপ্ত নোহোৱালৈকে ড্ৰাই ডে’ ঘোষণা কৰিছে । ভোট গ্ৰহণ প্ৰক্ৰিয়াত অনাহূত পৰিস্থিতিৰ বাবে পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলগীয়া হলে ৯ নৱেম্বৰতো উক্ত এলেকাসমূহত ড্ৰাই ডে’ বলৱৎ থাকিব । এই সময়ছোৱাত সকলো পণ্যাগাৰ, বিদেশী সুৰাৰ দোকান, হোটেল, ক্লাৱ, দেশীয় মদৰ দোকান আদি সম্পূৰ্ণৰূপে বন্ধ থাকিব। নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া অঞ্চল সমূহত অনুজ্ঞাপত্ৰ অবিহনে কোনো লোকে সুৰা মজুত কৰি ৰাখিলে আৱকাৰী আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই আদেশ অমান্য কৰা সকলৰ বিৰুদ্ধে আৱকাৰী আইন আৰু নিৰ্বাচন বিধি ১৩৫(গ) অনুসৰি ব্যৱস্থা  গ্ৰহণ কৰা হ’ব৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান
You might also like