বিশেষ বাৰ্তা, ২৯ মাৰ্চঃ অসম চৰকাৰৰ আবকাৰী বিভাগৰ আয়ুক্ত আৰু সচিবৰ বাৰ্তা নম্বৰ ই, চি, এফ নং . ২৭১৯৩১/৬৭৮ অনুসৰি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু ভোট গণনাৰ সময়চোৱাত সুৰাৰ বিপণী বন্ধ ৰখাৰ বাবে গোৱালপাৰাৰ জিলা দণ্ডাধীশ খনীন্দ্ৰ চৌধুৰীয়ে এক নিৰ্দেশনা জাৰি কৰিছে। শেহতীয়া এই নিৰ্দেশনা অনুসৰি – ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচন ২০২৫ৰ ভোট গ্ৰহণ সমাপ্ত হোৱাৰ ৪৮ ঘন্টা আগৰ পৰা অৰ্থাৎ ৩১-০৩-২০২৫ৰ বিয়লি ৩ বজাৰ পৰা ভোট গ্ৰহণ সমাপ্ত হোৱালৈ অৰ্থাৎ ২ এপ্ৰিলৰ বিয়লি ৩ বজালৈ আৰু ভোট গণনাৰ দিনাখন অৰ্থাৎ ৪ এপ্ৰিলৰ ভোট গণনা সমাপ্ত নোহোৱালৈ, লগতে কোনো ভোটগ্ৰহণ কেন্দ্ৰত যদি পুনৰ ভোট গ্ৰহণ কৰিবলগীয়া হয় তেন্তে উক্ত দিনাও (০৩-০৪-২০২৫) সুৰাৰ বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। গোৱালপাৰা জিলাত থকা সকলো বণ্ডেড ৱেৰহাউছ, ভাৰতত প্ৰস্তুত কৰা বিদেশী সুৰা, খুচুৰা ‘অফ আৰু অন’ দোকান, দেশীয় সুৰা আদিৰ দোকানসমূহ গোৱালপাৰা জিলাৰ দণ্ডাধীশৰ শেহতীয়া এই নিষেধাজ্ঞা অনুসৰি ওপৰত উল্লেখ কৰা সময়ত বন্ধ থাকিব।
প্ৰেৰক লক্ষ্মণ কুমাৰ নাথ