নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ ধৰমপাল–সত্যপাল (ডি এছ) গ্রুপৰ গুৱাহাটীৰ বামুণীমৈদামস্থিত মুখ্য কার্যালয়ত বুধবাৰে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই অভিযান চলায়৷ দিনৰ প্রায় ১ বজাৰ পৰা মহানগৰ আৰক্ষীৰ সহযোগত মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ দলটোৱে ডি এছ গ্রুপৰ বামুণীমৈদামৰ কার্যালয়ত কেইবাঘণ্টা ধৰি অভিযান চলাই বহু সন্দেহজনক নথি–পত্র জব্দ কৰে৷
অভিযানৰ সময়ছোৱাত তদন্তৰ খাতিৰত ডি এছ গ্রুপত কর্মৰত কর্মচাৰীসকলক বাহিৰলৈ ওলোৱাত বাধা প্রদান কৰে অভিযানকাৰী দলটোৱে৷ কেইবাঘণ্টা ধৰি চলোৱা অভিযানৰ অন্তত অভিযানকাৰী দলটোৱে ডি এছ গ্রুপৰ মুখ্য কার্যালয়টো ছীল কৰি দিয়ে৷ মুম্বাই আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ডি এছ গ্রুপে গুৱাহাটীৰ পৰা অবৈধভাৱে গুট্খা, পাণ মছলা প্রস্তুত কৰি বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ লগতে বিক্রী কৰি আহিছে৷ অসমত প্রস্তুত কৰা গুট্খা, পাণ মছলা ডি এছ গ্রুপে অবৈধভাৱে বহিঃৰাজ্যলৈ সৰবৰাহ কৰি বিক্রী কৰি অহাৰ বিৰুদ্ধে মহাৰাষ্ট্রৰ ছলাপুৰস্থিত এম আই ডি চি আৰক্ষী চকীত ভাৰতীয় দণ্ডবিধিৰ ৩২৮/১৮৮/২৭২/২৭৩ আৰু খাদ্য সুৰক্ষা আইনৰ ২৬/(২)i), ২৬/(২)iv) ধাৰাৰ অধীনত ৮০২/২০২১ নম্বৰত এটা গোচৰ ৰুজু হৈছিল৷
উক্ত গোচৰটোৰ ভিত্তিতে আজি মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই গুৱাহাটীৰ বামুণীমৈদামস্থিত ডি এছ গ্রুপত অভিযান চলাই নথিপত্র জব্দ কৰাৰ লগতে মুখ্য কার্যালয়টো ছীল কৰি দিয়ে৷ লক্ষণীয় যে ডি এছ গ্রুপে গুৱাহাটীত গুট্খা, পাণ মছলা প্রস্তুত কৰি কোটি কোটি টকাৰ কৰ ফাঁকিৰে বহিঃৰাজ্যলৈ সৰবৰাহ আৰু বিক্রী কৰি অহাৰ ন ন তথ্য আৰক্ষীৰ তদন্তত পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷ অৱশ্যে অভিযানকাৰী দলটোৱে তদন্তৰ খাতিৰত অধিক তথ্য ৰাজহুৱা কৰা নাই৷