নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকৌ সজীৱ আইলানৰ স্মৃতি

২০১৫ চনৰ ২ ছেপ্টেম্বৰত ভূমধ্য সাগৰৰ তীৰত উদ্ধাৰ হৈছিল কণমানি ছিৰিয়ান শিশু আইলান কুর্দিৰ মৃতদেহ৷ গৃহযুদ্ধ বিধ্বস্ত ছিৰিয়াৰ পৰা ইউৰোপলৈ বিপদসংকুল যাত্রা কৰিছিল দেশখনৰ অসংখ্য লোকে৷ হাতৰ মুঠিত প্রাণটো লৈ কেৱল জীয়াই থকাৰ তাড়নাত ইউৰোপ অভিমুখে পলায়ন কৰা বহু ছিৰিয়ান লোকে প্রাণ দিবলগীয়া হৈছিল ভূমধ্য সাগৰত৷ আইলান কুর্দিৰ মৃত্যুৱে বিশ্বজুৰি যুদ্ধৰ ভয়াৱহতা সন্দর্ভত সৃষ্টি কৰিছিল খলকনি৷ কণমানি শিশুটিৰ ভৰিত এখুদ এখুদ দুপাট জোতা৷ সমুদ্রৰ বলুকাৰাশিত পৰি আছিল আইলানৰ মৃতদেহ৷ আন্তর্জাতিক সংবাদ মাধ্যমসমূহে ছিৰিয়াৰ যুদ্ধৰ হিংস্রতাৰ সমান্তৰালকৈ শৰণার্থী সমস্যাক লৈ প্রতিবেদন যুগুতাইছিল৷ বিশ্বৰ শান্তিকামী জনতা শিহৰিত হৈছিল অসংখ্য শিশুৰ মৃত্যুৰ ঘটনাক লৈ৷ আনকি ছিৰিয়াৰ গৃহযুদ্ধত ক্ল’ৰিন বোমা নিক্ষেপ কৰাৰ অভিযোগ উঠিছিল৷ বহু শিশুৱে যুদ্ধভূমিত পিতৃ–মাতৃক বিচাৰি আর্তনাদ কৰা দৃশ্যই হতচকিত কৰিছিল শান্তিকামী জনতাক৷ যুদ্ধৰ বিপক্ষে প্রতিখন দেশতে সংগঠিত হৈছিল প্রতিবাদ৷ ছিৰিয়াৰ যুদ্ধই কেইবাটাও শিশু প্রজন্মক অনাথ কৰি গৈছে৷ বহু শিশু চিৰদিনৰ কাৰণে পংগু হৈছে৷ একালৰ সমৃদ্ধিশালী ছিৰিয়াৰ ৰাজধানী ডামাস্কাছত বিকলাংগ লোকৰ বাবে যুদ্ধৰ ফলত গঢ়ি উঠিছে কৃত্রিম হাত, ভৰি নির্মাণৰ কাৰখানা৷ যুদ্ধৰ পাশৱিকতা কেনে হ’ব পাৰে ছিৰিয়াৰ ঘটনাৰ পৰাই অনুমান কৰিব পাৰি৷ লাখ লাখ ছিৰিয়ান লোকে এতিয়া ইউৰোপৰ দেশত আশ্রয় লৈ আছে৷ জন্মভূমি ত্যাগ কৰি ইউৰোপত শৰণার্থীৰ কলংকৰ পৰিচয় লৈ দ্বিতীয় শ্রেণীৰ নাগৰিকৰ দৰে বাস কৰিবলগীয়া হৈছে এই লোকসকলে৷ সমগ্র ছিৰিয়া এতিয়া বিধ্বস্ত৷ দেশখনত শিক্ষা ব্যৱস্থা বুলিবলৈ এতিয়া একোৱেই নাই৷ স্বাস্থ্যকেন্দ্রসমূহ যুদ্ধবাজ সৈনিকসকলৰ শিবিৰ হৈ পৰিছে৷ আনফালে, বহু কল্যাণকামী অনুষ্ঠানৰ কার্যালয় এতিয়া গৃহহীন লোকৰ আশ্রয়স্থলী৷ যুদ্ধই বিপন্ন কৰা ছিৰিয়াৰ এতিয়া এই ছবি স্বাভাৱিক হৈ পৰিছে৷ যুদ্ধবাজ কেইবাখনো দেশে ইছলামিক ষ্টেটক নাশ কৰিবলৈ তথা দেশখনৰ ৰাষ্ট্রপতি বাছাৰ আল–আছাদক উৎখাত কৰিবলৈ ছিৰিয়াত বোমা, ক্ষেপণাস্ত্র নিক্ষেপ কৰিছিল৷ কার্পেট ব’ম্বিঙত বিধ্বস্ত হৈছে সমগ্র দেশখন৷ ইউৰেনিয়াম ডিপ্লে’টেড বোমা ক্ষেপণাস্ত্রৰ বিষক্রিয়াত এতিয়া ছিৰিয়াৰ বায়ুমণ্ডল দূষিত৷ এয়া হৈছে যুদ্ধই দিয়া উপহাৰ৷ ৰক্তক্ষয়ী যুদ্ধৰ বিষক্রিয়া কিমান দীর্ঘস্থায়ী তথা ভয়াৱহ হ’ব পাৰে, ছিৰিয়া তাৰ এক জ্বলন্ত উদাহৰণ৷
শেহতীয়াকৈ ইউক্রেইনৰ বিৰুদ্ধে ৰাছিয়াই চলাই থকা হিংস্র যুদ্ধত পুনৰ মানৱতাৰ ধর্ষণ চলিছে৷ বহু নিৰীহ লোক ইতিমধ্যে নিহত হৈছে বোমা, ক্ষেপণাস্ত্রৰ আঘাতত৷ প্রায় ২০ লাখ ইউক্রেইনী লোকে দেশ এৰি পলায়ন কৰিবলগীয়া হৈছে৷ প্রতিৱেশী দেশসমূহত এক নাৰকীয় পৰিৱেশত আশ্রয় ল’বলগীয়া হৈছে এই অসহায় লোকসকলে৷ যুদ্ধভূমিৰ বহু ভিডি’ তথা আলোকচিত্র দেখিলেই শান্তিকামী জনসাধাৰণৰ মন, মগজু শিহৰিত হৈ উঠে৷ বহু শিশুৰ ৰক্তাক্ত মৃতদেহ পিতৃ–মাতৃয়ে কোলাত লৈ আগবাঢ়িছে নিৰাপদ স্থানলৈ৷ বহু মহিলাই শ শ মাইল পথ খোজকাঢ়ি গৈ প্রতিৱেশী দেশত আশ্রয় লৈছে৷ জন্মভূমিৰ মমতা সত্ত্বেও জীৱন ৰক্ষা কৰিবলৈ এনেদৰে পলায়ন কৰিবলগীয়া হৈছে ইউক্রেইনী লোকসকলে৷ যুদ্ধই এখন দেশৰ আভ্যন্তৰীণ পৰিস্থিতি কেনে ভয়াৱহ কৰিব পাৰে, এই ছবিসমূহে তাকেই তুলি ধৰিছে৷ তথাপি যুদ্ধৰ অৱসান ঘটাৰ কোনো লক্ষণ নাই৷ প্রতিৰোধ আৰু পৰাক্রমৰ এয়া যেন এক প্রতিযোগিতা৷ ৰাছিয়াৰ বিৰুদ্ধে ইউক্রেইনক সমৰাস্ত্রৰে সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমেৰিকা আৰু নাটো সদস্য দেশসমূহ৷ ইয়াৰ উপৰি ৰাছিয়াৰ বিৰুদ্ধে পাশ্চাত্যৰ তৰফৰ পৰা কঠোৰ নিষেধাজ্ঞা আৰোপ কৰি থকা হৈছে৷ কিন্তু এই নিষেধাজ্ঞা সত্ত্বেও যুদ্ধ বন্ধ কৰিবলৈ ৰাছিয়াক বাধ্য কৰাব পৰা নাই কোনো শক্তিয়ে৷ ইউক্রেইনক প্রত্যাহ্বান জনাবলৈ বাৰে বাৰে অনুপ্রেৰণা যোগোৱা শক্তিৰ সংখ্যাহে বৃদ্ধি পাইছে৷ ফলত অসহায় লোকসকলৰ জীৱন অধিক বিপন্ন হৈ পৰিছে৷ যুদ্ধভূমিত মানুহৰ মৃত্যু যেন অতি গৌণ৷ যুদ্ধ কিয়, যুদ্ধ কাৰ বাবে, কোন যুক্তিসংগত অৱস্থাত আছে তাক লৈহে চলি আছে আলোচনা৷ আনকি ৰাষ্ট্রসংঘৰ দৰে আন্তর্জাতিক সংস্থাসমূহৰ মজিয়াতো ৰাছিয়াৰ এই যুদ্ধ যুক্তিসংগত হয় নে নহয় তাক লৈ বিতর্ক চলিছে৷ পৰিণতিত যুদ্ধভূমিত মানৱতা হৈ পৰিছে গৌণ৷ বাৰে বাৰে ৰক্তক্ষয়ী যুদ্ধত ভূলুণ্ঠিত হৈ আহিছে মানৱতা৷ এই বিষয়টোক কোনে গুৰুত্ব দিব? বিশ্ব মানৱতাক ৰক্ষা কৰিবলৈ আজিৰ মুহূর্তত ৰণোন্মাদ শক্তিসমূহৰ বিৰুদ্ধে কোনে বলিষ্ঠ কণ্ঠেৰে চিঞৰিব– যুদ্ধ নহয়, আমাক শান্তি লাগে ভিয়েটনাম যুদ্ধৰ ভয়াৱহতাৰ অন্ত পেলাবলৈ দেশখনৰ অনাথ শিশুৱে যুদ্ধবাজ মার্কিন সৈনিকৰ হাতত তুলি দিছিল ফুলৰ থোপা৷ সেই শিশুৰ ভাষা আছিল– ‘আমি এখন শান্তিৰ পৃথিৱী বিচাৰোঁ৷’ আজি ইউক্রেইন–ৰাছিয়াৰ যুদ্ধত তেনেদৰে শান্তিকামী জনতা ওলাই আহিবনে এই পৃথিৱীক ৰক্ষা কৰিবলৈ?

You might also like