নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি ড° জিতেন হাজৰিকা

সুদীৰ্ঘ ডেৰ বছৰৰ অন্তত স্থায়ী উপাচাৰ্য নিযুক্তি‌

 

বিশেষ বাৰ্তা,ডিব্ৰুগড়,২৬জুলাইঃ
ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে ভাৰপ্ৰাপ্ত পঞ্জীয়ক ড° জিতেন হাজৰিকা নিযুক্তি লাভ কৰিছে ।পোন প্ৰথমবাৰৰ বাবে অহা ৪ আগষ্টত ৰাজভৱনত উপাচাৰ্যৰূপে শপত গ্ৰহণলৈ ড° জিতেন হাজৰিকাক আমন্ত্ৰণ জনাইছে ৰাজভৱনৰ পৰা।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তদানীন্তন উপাচাৰ্য ড° ৰঞ্জিত তামুলীৰ সীমাহীন দুৰ্নীতিৰ সন্দৰ্ভত সবিস্তাৰে বাতৰি পৰিবেশন কৰাৰ পাছতে এক উচ্চ পৰ্যায়ৰ তদন্তৰে উপাচাৰ্য ৰঞ্জিত তামুলীক নিলম্বন কৰা হৈছিল।পৰৱৰ্তী সময়ত ড° এল কে নাথক ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছিল।শেহতীয়াকৈ সুদীৰ্ঘ প্ৰায় ডেৰ বছৰৰ পাছত আজি ৰাজভৱনৰ পৰা এক পত্ৰৰ জৰিয়তে ড° জিতেন হাজৰিকাক নিযুক্তি দিয়া বিষয়ে জানিব পৰাৰ লগতে অহা ৪ আগষ্টত আনুষ্ঠানিকভাবে ৰাজভৱনত ৰাজ্যপাল তথা অধ্যাপক জগদীশ মুখীৰ পৰা নিযুক্তি পত্ৰ আৰু উপাচাৰ্য হিচাপে শপত গ্ৰহণৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দায়িত্বভাৰ লোৱাৰ কথা।উল্লেখ্য যে ড° জিতেন হাজৰিকাক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে এদিনৰ বাবে চলিত বছৰৰ ২৯ জানুৱাৰীত নিযুক্তি দিয়া হৈছিল যদিও এদিনৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড° লীলাকান্ত নাথক ৰাজভৱনৰ পৰা উপাচাৰ্য হিচাপে নিযুক্তি দিয়াত ব্যাপক চৰ্চা লভিছিল।উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰঞ্জিত তামুলীক অপসাৰণৰ পাছত ড° লীলাকান্ত নাথক ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে দায়িত্ব দিছিল।বৌদ্ধিক পীঠস্থান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে দায়িত্ব দিয়াৰ পাছত ড° হাজৰিকাই কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি যথাযথভাবে প্ৰয়োগ কৰাতোৱেই হব আমাৰ বাবে প্ৰত্যাহ্বান।তাৰোপৰি বিশ্ববিদ্যালয়ৰ সৰ্ব্বতোপ্ৰকাৰৰ উন্নতিয়েই হব মোৰ প্ৰথম আৰু প্ৰধান লক্ষ্য।মোক এনে এখন আসন দিয়াৰ বাবে মই নিজে হতবাক।কিন্তু দায়িত্ব নিষ্ঠাৰে পালন কৰাত কোনো কৃপণালি নকৰো—ড° হাজৰিকাই কয়। উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তদানীন্তন উপাচাৰ্য ড° ৰঞ্জিত তামুলীৰ সীমাহীন দূৰ্নীতিৰ বিষয়ে বাতৰি প্ৰকাশ হোৱাৰ পাছতে সেই বাতৰি সত্য প্ৰমাণিত হৈছিল আৰু ড° ৰঞ্জিত তামুলী অনিয়মৰ অভিযোগত উপাচাৰ্য পদৰ পৰা অপসাৰণ কৰি ড° লীলা কান্ত নাথত উপাচাৰ্য নিযুক্তি দিছিল।আজি অৱশেষত ড° জিতেন হাজৰিকাক উপাচাৰ্য হিচাপে নিযুক্তি লাভ কৰাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সন্হা,কৰ্মচাৰী সন্হা,স্নাতকোত্তৰ ছাত্র একতা সভা,বিশ্ববিদ্যালয়ৰ আছুগোট,সকলোৱে অভিনন্দন শুভেচ্ছা জনোৱা বাবে বিশ্ববিদ্যালয়ৰ প্ৰাংগণত ভীৰ কৰা পৰিলক্ষিত হয়।স্বাভাৱিকতে ড°জিতেন হাজৰিকাক উপাচাৰ্য হিচাপে নিযুক্তি দিয়াত সকলোৱে উৎফুল্লিত হৈ পৰিছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like