নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“মা মই ভাল হৈ যামনে” : সফল অস্ত্ৰোপচাৰৰ পিছত আৱেগিক আনন্দ শৰ্মাৰ প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ ঘটনাত ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মাৰ কালি ৰাজহাড়ৰ অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হোৱাৰ পিছতে আজি আনন্দ শৰ্মাৰ স্বাস্থ্যৰ অৱস্থা কিছু উন্নত হৈছে বুলি পৰিয়ালৰ লোকে সংবাদ মাধ্যমক জানিবলৈ দিছে ৷ কালি ৰাজহাড়ৰ অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছতে আজি কিছু বিষ যন্ত্ৰণা হোৱা বুলি আনন্দ শৰ্মাই চিকিৎসকৰ লগতে পৰিয়ালৰ লোকক জনাইছে ৷ মাকৰ মুখলৈ চাই আনন্দ শৰ্মাই “মা” মই ভাল হৈ যাম নে? বুলি বাৰে বাৰে সুধিছে ৷ নিশা আনন্দ শৰ্মাই টোপনিতে মোক আৰু নেমাৰিব নেমাৰিব বুলিও এবাৰ দুবাৰ চিঞৰি পোৱা বুলি চিকিৎসকে ভগ্নীৰ আগত প্ৰকাশ কৰিছে ৷ আজি পুৱা ভাগত একোটা এস্কৰে কৰিবলৈ আনন্দ শৰ্মাক লৈ যোৱা হৈছিল যদিও তাৰ পিছত পুনৰ আই চি ইউৰ বিছনাত ৰখা হয় ৷ আবেলি চিকিৎসকে জানিবলৈ দিয়া অনুসৰি আজি আনন্দ শৰ্মাক থিয় কৰোৱা বা বঢ়োৱাৰ প্ৰয়াস কৰা হ’ব বুলিও চিকিৎসকে জানিবলৈ দিয়ে । খাদ্য হিচাপে আনন্দ শৰ্মাক খিচিৰী আৰু ৰঙা চাহ প্ৰদান কৰা হৈছে বুলি চিকিৎসকৰ পৰা জানিব পৰা গৈছে ৷ আজি সন্ধ্যা ছাত্ৰজনৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল’বলৈ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু চিকিৎসালয়খনত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে ৷

প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই

You might also like