নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ বছৰত গাখীৰ–কণী–মাংসৰ উৎপাদনত স্বনির্ভৰশীল হ’ব অসম

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ: ‘মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যখনৰ কৃষি আৰু আনুষংগিক খণ্ডৰ বিকাশত অধিক গুৰুত্ব আৰোপ কৰিছে৷ সকলো জাতি–জনগোষ্ঠীৰ নিৱনুৱা যুৱক–যুৱতীৰ অংশগ্রহণে কৃষি আৰু আনুষংগিক খণ্ডৰ অর্থনীতি শক্তিশালী কৰি তুলিব৷ এয়া সম্ভৱ হৈ উঠিলেই আগন্তুক পাঁচটা বছৰৰ ভিতৰত গাখীৰ, কণী আৰু মাংসৰ ক্ষেত্রত আমাৰ ৰাজ্যখন স্বনির্ভৰশীল হৈ উঠিব৷’ এই মন্তব্য কৰে কৃষি, পশুপালন মন্ত্রী অতুল বৰাই৷

গুৱাহাটীৰ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ‘দুৱৰাজ বেকন’ নামৰ স্বাস্থ্যসন্মত গাহৰি মাংসৰ ভ্রাম্যমাণ বিপণীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মন্ত্রী বৰাই কোকৰাঝাৰত শেহতীয়াকৈ আৰম্ভ কৰা বডোলেণ্ড গাহৰি মিছনৰ প্রসংগ উল্লেখ কৰে আৰু চৰকাৰী চাকৰিলৈ বাট চাই নাথাকি নিজৰ প্রচেষ্টাৰে শিক্ষিত যুৱক–যুৱতীসকল আত্মনির্ভৰ হ’ব পাৰে বুলি মন্তব্য কৰে৷

ইয়াৰ পূর্বে নাৰিকল ভাঙি অনুষ্ঠান মুকলি কৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শর্মাই৷ আয়ুক্ত শর্মাই ‘দুৱৰাজ বেকন’ৰ এই প্রয়াস ব্যতিক্রমী বুলি উল্লেখ কৰে আৰু মাংস বিক্রীৰ এই প্রচেষ্টা অধিক সফল কৰি তুলিব পাৰিলে গৰিষ্ঠসংখ্যক যুৱক–যুৱতীৰ আত্মনিয়োগৰ পথো প্রশস্ত হ’ব বুলি আশা কৰে৷ এইক্ষেত্রত গুৱাহাটী পৌৰ নিগমেও প্রয়োজনীয় সহায়–সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে আয়ুক্তগৰাকীয়ে৷

উল্লেখ্য যে গুৱাহাটীৰ ব্যৱসায়ী মণ্টু দুৱৰাই বেংকৰ ঋণ লৈ মুঠ ৮খন ভ্রাম্যমাণ গাডীৰে স্বাস্থ্যসন্মত গাহৰি মাংস বিক্রীৰ এই নৱতম প্রয়াস কৰিছে৷ ‘দুৱৰাজ বেকন’ত এই পর্যন্ত ২৫জন যুৱকে কর্মসংস্থান লাভ কৰিছে আৰু অচিৰেই এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷

সদ্যহতে গুৱাহাটী মহানগৰীৰ গণেশগুৰি, আদাবাৰী, কাছাৰী, ভঙাগড, চানমাৰি আদি প্রধান প্রধান এলেকাসমূহত এই ভ্রাম্যমাণ ‘দুৱৰাজ বেকন’ উপলব্ধ হ’ব যদিও ৰাইজে আদৰি ল’লে ইয়াৰ পৰিসৰ বৃদ্ধি কৰাৰ আশা পুহি ৰাখিছে মণ্টু দুৱৰাই৷

You might also like