নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম বিধানসভাৰ নিয়োগ পৰ্যালোচনা সমিতিৰ বঙাইগাঁও শোধনাগাৰকে ধৰি নামনিৰ ৩ জিলাৰ বিভিন্ন উদ্যোগ তথা কাৰিকৰী প্ৰতিষ্ঠান পৰিদৰ্শন

নিয়মীয়া বাৰ্তা,১৪ ছেপ্টেম্বৰ: অসম বিধান সভাৰ নিয়োগ পৰ্যালোচনা সমিতিৰ সদস্য সকলে দুদিনীয়া কাৰ্যসূচীৰে কালিৰে পৰা কোকৰাঝাৰ, চিৰাং আৰু বঙাইগাঁও জিলা ভ্ৰমণ কৰে। কালি দিনৰ ভাগত কোকৰাঝাৰ জিলাৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (চি আই টি), এন টি পি ছি আদি কৰি বিভিন্ন উদ্যোগ তথা কাৰিকৰী প্ৰতিষ্ঠান পৰিদৰ্শন কৰাৰ অন্তত সমিতিৰ সদস্য সকলে বিয়লি চিৰাং জিলাত উপস্থিত হয়। লৰেন্স ইছলাৰীৰ নেতৃত্বত বিধানসভাৰ নিয়োগ পৰ্যালোচনা সমিতিৰ সদস্য সকলে বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষৰে এক বৈঠকত মিলিত হয়। সন্ধিয়া ঢালিগাঁও থানাৰ অন্তৰ্গত ছাপাগুৰিস্থিত হোটেল চিগনেটত অনুষ্ঠিত বৈঠক খনত বঙাইগাঁও শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মুৰব্বী এছ পি বৰুৱাৰ নেতৃত্বত এটি উচ্চ পদস্থ বিষয়াৰ দলে বিধান সভাৰ নিয়োগ পৰ্যালোচনা সমিতিৰ সন্মানীয় সদস্য সকলৰ সৈতে মতবিনিময় কৰে। শোধনাগাৰৰ কাৰিকৰী বিভাগৰ উপ মহা প্ৰৱন্ধক নৰজিৎ বসুমতাৰীয়ে উপস্থিত সকলোৰে জ্ঞাতাৰ্থে ভাৰতীয় তেল নিগমৰ কৰ্মৰাজিৰ লগতে দেশ তথা সমাজ জীৱনত আগবঢ়োৱা দিশ সমূহৰ  বিষয়ে চমুকৈ ব্যাখ্যা কৰে।

তাৰ সমান্তৰাল ভাৱে বঙাইগাঁও শোধনাগাৰৰ বিষয়ে, বিশেষকৈ বিজিআৰ কৰ্তৃপক্ষই শিক্ষিত নিবনুৱাক নিযুক্তি লাভৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ, শোধনাগাৰৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত গ্ৰহণ কৰা জন কল্যাণমূলক কামৰ বিৱৰণ দাঙি ধৰে। অসম বিধান সভাৰ নিয়োগ পৰ্যালোচনা সমিতিৰ সদস্য সকল ক্ৰমে লৰেন্স ইছলাৰী,জয়ন্ত বসুমতাৰী,ৰূপক শৰ্মা, চিবু মিশ্ৰ,সুৰেণ ফুকন,আব্দুল বাটেন খন্দকাৰ, পৃথ্বিৰাজ ৰাভা আৰু যুটীয়া সচিব ৰাজীৱ ভট্টাচাৰ্য্য, বিজিআৰৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মুৰব্বী এছ পি বৰুৱা,মুখ্য মহা প্ৰৱন্ধক কাৰিকৰী জে জে দাস,মহা প্ৰৱন্ধক উৎপাদন অৰূপ লছকৰ, ভাৰপ্ৰাপ্ত মহা প্ৰৱন্ধক আৰু মহা প্ৰৱন্ধক মানৱ সম্পদ জৰ্জ ইছোৱাৰী,চন্দ্ৰিমা শৰ্মা, উপ মহা প্ৰৱন্ধক সীতা বৰুৱা (চি চি, চি এছ আৰ),নৰজিৎ বসুমতাৰীয়ে বৈঠকত অংশগ্ৰহণ কৰে।

বিধানসভা সমিতিৰ সদস্য সকলে আজি জিলা সদৰত উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ লগতে জিলাৰ বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়া সকলৰ সৈতে এক সভাত মিলিত হোৱাৰ পিছত  নামনি অসমৰ একমাত্ৰ বৃহৎ তৈল উদ্যোগ বঙাইগাঁও শোধনাগাৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰে। পৰৱৰ্তী সময়ত সদস্য সকলে বঙাইগাঁও জিলা পৰিভ্ৰমণ কৰি ৰাজধানী অভিমুখে ৰাওনা হয়। অসম চৰকাৰে ৰাজ্যৰ শিক্ষিত নিবনুৱা সকলৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ প্ৰাক মূহুৰ্তত অসম বিধান সভাৰ নিয়োগ পৰ্যালোচনা সমিতিৰ সদস্য সকলে নামনি অসমৰ তিনি জিলাৰ বিভিন্ন উদ্যোগ তথা কাৰিকৰী প্ৰতিষ্ঠান পৰিদৰ্শন কৰাৰ বিষয়টোক সচেতন ৰাইজে ইতিবাচক দৃষ্টিৰে গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।।

You might also like