নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ল’কডাউনৰ প্ৰভাৱ বিধ্বস্ত সৌন্দৰ্য্য চৰ্চা উদ্যোগঃ বিউটিপাৰ্লাৰ বন্ধ হৈ পৰাত কৰ্মহীন হৈ পৰিছে হাজাৰ হাজাৰ মহিলা

নিয়মীয়া বাৰ্তা ২১ মেঃ সৌন্দৰ্য্য চৰ্চা, বিউটীচিয়ান, বিউটিপাৰ্লাৰ লকডাউনৰ পূৰ্বেলৈ অৰ্থ উপাৰ্জনৰ এটা মৰ্য্যদাসম্পন্ন লোভনীয় বৃত্তি হিচাপে বিবেচিত হৈ আহিছিল। কিন্তু ল’কডাউনৰ সময়ছোৱাত চৰকাৰে বান্ধি দিয়া নিয়মৰ বাবে আজি ইয়াৰ গতি ৰূদ্ধ।সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাবে দোকানসমূহ বন্ধ ৰখা নিৰ্দেশ দিয়া আছে । এই লোকসকলে বৃত্তিটোৰ যোগেদি স্বাৱলম্বী জীৱন নিৰ্বাহ কৰিছিল।বিয়া-বাৰু, আন বিভিন্ন অনুষ্ঠান বন্ধ শীঘ্ৰে পূৰ্বৰদৰে হোৱা আশাও নাই । ঘৰলৈ গৈ কৰাটো সকলোৰে বাবে সম্ভৱ ন’হয়। গতিকে ল’কডাউনৰ সময়ছোৱাত এই এইসকল ব্যক্তি জীৱনলৈ অন্ধকাৰ নামি আহিছে। নানা আহুকালৰ সন্মূখীন হৈছে। বিশেষকৈ অসমৰ প্ৰায় সকলো প্ৰান্তত প্ৰায় সকলো গাৱঁতে বিউটিপাৰ্লাৰ চলোৱা মহিলা দেখিবলৈ পোৱা যায়। এওঁলোকৰ সংখ্যা কেইবা হাজাৰৰো হ’ব। বৰ্তমান এই মহিলাসকল সৰহভাগৰে আৰ্থিক অৱস্থা দুৰ্বল। অতি শীঘ্ৰে চৰকাৰে যদি এই মহিলাসকলৰ বিকল্প সংস্হানৰ ব্যৱস্থা নকৰে মহিলা আন্দোলনৰ পথ বাচি লব বুলি জানিব পৰা গৈছে।

এই বিষয়ে সবিশেষ জানিবলৈ চাংসাৰি, উত্তৰ গুৱাহাটী অঞ্চলৰ প্ৰসিদ্ধ বিউটীচিয়েন পূৰৱী ডেকাই কয় যে তেওঁ দৰে প্ৰতিষ্ঠিতসকলৰ ওপৰত বিশেষ প্ৰভাৱ পৰা নাই যদিও সামগ্ৰিক ভাৱে যঠেষ্ট ক্ষতিগ্ৰস্ত হৈছে।পূৰৱী ডেকাই জানিবলৈ দিয়া মতে অঞ্চলটোৰ বিউটীচিয়েন সকলে শীঘ্ৰেই জলন্ত বিষয়টোৰ ওপৰত আলোচনা কৰি বিকল্প সংস্হান দিয়াৰ বাবে প্ৰশাসনৰ ওচৰত দাবী জনাব।

You might also like