চৰকাৰৰ চৰম অনীহাঃ ১৫ বছৰে জহিছে–খহিছে এটা ৰাজহুৱা খণ্ডৰ কার্যালয়
দিছপুৰৰ নাতিদূৰতে কৃষি উদ্যোগ উন্নয়ন নিগমৰ দুর্দশাই উদঙাইছে উন্নয়নৰ স্বৰূপ
নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ উন্নয়ন–বিকাশৰ সপোন দেখুৱাই প্রতি ৫ বছৰৰ অন্তৰে অন্তৰে একোখন নতুন চৰকাৰে দিছপুৰৰ ক্ষমতা দখল কৰি আহিছে যদিও অসমবাসীক দিয়া প্রতিশ্রুতি ৰূপায়ণত শাসকপক্ষ কিমান সফল হ’ব পাৰিছে, তাক লৈ থাকি গৈছে এক প্রশ্ণবোধক৷ একমাত্র চৰকাৰী পক্ষৰ চৰম অনিহা আৰু দূৰদর্শিতাহীনতাৰ বাবেই ইতিমধ্যে বহুকেইটা ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান কার্যতঃ অস্তিত্বহীন হৈ পৰিছে৷ নিবনুৱা সমস্যাই ভাৰাক্রান্ত কৰা অসমৰ বাবে এই ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানসমূহ যথেষ্ট সম্ভাৱনাপূর্ণ আছিল যদিও তাক উচিত পৰিকল্পনা আৰু সময়োচিত কার্যপন্থাৰে সচল কৰি ৰাখিব নোৱাৰিলে৷ অসমৰ অর্থনীতি প্রধানতঃ কৃষি নির্ভৰশীল৷ কৃষিখণ্ডই ৰাজ্যৰ অর্থনীতিলৈ আগবঢ়োৱা অৱদান অনস্বীকার্য৷ কিন্তু কৃষিখণ্ডৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে কিমান বাস্তৱসন্মত পদক্ষেপ গ্রহণ কৰিব পাৰিছে, সেয়াহে আজিৰ তাৰিখতো চর্চাৰ বিষয়৷ ৰাজ্যৰ কৃষক জনতাৰ উন্নয়নৰ হকে কৃষি বিভাগৰ অধীনত গ্রহণ কৰা বিভিন্ন আঁচনিত বিগত সময়ছোৱাত লুণ্ঠনকাৰী চক্রই দুর্নীতি–নিয়ম সংঘটিত কৰি অহাৰ অভিযোগ দীর্ঘদিনীয়া৷ ইয়াৰ মাজতে কৃষিখণ্ডত ৰাজ্য চৰকাৰৰ ১৫ বছৰীয়া অনিহাৰ এক বাস্তৱ চিত্র পোহৰলৈ আহিছে৷ ৰাজ্যৰ কৃষি উদ্যোগৰ ক্ষেত্রখনত অধিক বিকাশ সাধনৰ লক্ষ্যৰে ১৯৬৭ চনতে স্থাপন কৰা হৈছিল ‘অসম কৃষি উদ্যোগ উন্নয়ন নিগম’ নামৰ ৰাজহুৱা প্রতিষ্ঠানটো৷ কিন্তু বিগত প্রায় ১৫ বছৰ ধৰি এই ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানটো বন্ধ হৈ আছে৷
‘অসম কৃষি উদ্যোগ উন্নয়ন নিগম’ নামৰ প্রতিষ্ঠান ৰাজ্যৰ আন কোনো প্রান্তত স্থাপন কৰা হোৱা নাছিল৷ মহানগৰীৰ খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ নিচেই সমীপতে তথা ৰাজ্যৰ ৰাজধানী দিছপুৰৰ পৰা মাত্র কেইকিলোমিটাৰমান দূৰৈৰ পাঞ্জাবাৰী জুৰিপাৰৰ এক বিশাল চৌহদত স্থাপন কৰা ‘অসম কৃষি উদ্যোগ উন্নয়ন নিগম’ৰ বর্তমানৰ দুর্দশাই একপ্রকাৰ উদঙাই দিছে উন্নয়নৰ স্বৰূপটো৷ ৰাজকোষৰ বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰি নির্মাণ কৰা ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানটোৰ কার্যালয় চৰকাৰী অৱহেলা–নাদৰত বিগত প্রায় ১৫ বছৰ ধৰি জহি–খহি যাব ধৰিছে৷ হাবি–জংঘলে আৱৰি ধৰিছে পৰিত্যক্ত কার্যালয়, কেন্দ্রীয় কাৰখানা, কেন্দ্রীয় ভঁৰাল আৰু জীৱাণু বিজ্ঞানাগাৰ৷ চৌহদৰ মুকলি ঠাইতে ৰ’দে–বৰষুণে বছৰ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত থকাৰ ফলত লাখ লাখ টকা মূল্যৰ কেইবাখনো ট্রেক্টৰ, পাৱাৰটিলাৰ আৰু বিভিন্ন ধৰণৰ মূল্যৱান কৃষি সঁজুলি ধ্বংস হৈ গৈছে৷
উল্লেখ্য যে ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানটোত ট্রেক্টৰ, পাৱাৰটিলাৰৰ লগতে কৃষি সঁজুলিৰ যন্ত্রপাতি আদি মেৰামতি কৰা হৈছিল৷ কিন্তু বহু দিন ধৰি বন্ধ হৈ থকাৰ ফলত মেৰামতিৰ বাবে প্রয়োজনীয় সা–সৰঞ্জামসমূহো এতিয়া ধ্বংসৰ গৰাহত৷ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানটোত পূর্বে কার্যনির্বাহ কৰা নাম প্রকাশত অনিচ্ছুক একাংশ কর্মচাৰীয়ে জানিবলৈ দিয়া মতে, ‘অসম কৃষি উদ্যোগ উন্নয়ন নিগম’ৰ একাংশ বিষয়া–কর্মচাৰীক কৃষি তথা ইয়াৰ সংলগ্ণ বিভাগত ইতিমধ্যে নিযুক্তি দিয়া হৈছে যদিও অধিকাংশই কর্মসংস্থাপন নাপালে৷ প্রতিষ্ঠানটো বন্ধ হোৱাৰ ফলত শেহতীয়াকৈ বিভাগীয় কর্তৃপক্ষই বৃহৎ চৌহদটোৰ ভূমি ‘চেণ্টাৰ ফৰ কালচাৰেল ৰিছার্চ এণ্ড ট্রেইনিং’ (চি চি আৰ টি)ক হস্তান্তৰ কৰা বুলি জানিব পৰা গৈছে৷ কিন্তু অতি সম্ভাৱনাপূর্ণ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানটো পুনৰুজ্জীৱিত কৰাৰ বাবে ৰাজ্য চৰকাৰ তথা কৃষি বিভাগে কিয় পদক্ষেপ গ্রহণ নকৰিলে, সেয়াহে আশ্চর্যজনক বিষয়৷ এইদৰেই এটাৰ পাছত আনটো ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান ধ্বংসৰ গৰাহত পৰিছে যদিও পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্রত চৰকাৰে নির্লিপ্ততাহে প্রদর্শন কৰি আহিছে৷