নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ শোণিতপুৰ জিলাৰ ঢ়েকীয়াজুলিত ৰাজ্যৰ শিক্ষা, স্বাস্থ্য আৰু পথ যোগাযোগৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্রত যুগান্তকাৰী দিশৰ সূচনা কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি বিশ্বনাথ আৰু চৰাইদেউৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ উপৰি
অসম মালা আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে৷ এই অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে প্রধানমন্ত্রী মোদীৰ সহায়–সহযোগিতাৰ বাবে আজি অসমে দেশৰ ভিতৰতে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে৷ ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্রীয়ে অসমৰ ৰাইজৰ হৈ প্রধানমন্ত্রী মোদীক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ২০১৬ চনত বর্তমানৰ ৰাজ্য চৰকাৰখনক শাসনলৈ অনাৰ ক্ষেত্রত অসমৰ বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ সকলো শ্রেণীৰ জনসাধাৰণে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে৷ বর্তমানৰ ৰাজ্য চৰকাৰখনে যি প্রতিশ্রুতিৰে শাসন ক্ষমতালৈ আহিছিল, সেই প্রতিশ্রুতি পূৰণৰ দিশত দেশৰ প্রধানমন্ত্রী মোদীয়ে আগবঢ়োৱা সহায়–সহযোগিতাৰ বাবে আজি অসমে দেশৰ ভিতৰতে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে৷ স্বাধীনতাৰ ৭৪ বছৰৰ ভিতৰত অসমক ৰাষ্ট্রীয় কার্যসূচীত যদি কোনো প্রধানমন্ত্রীয়ে শক্তিশালী স্থান দিছে, সেইগৰাকী প্রধানমন্ত্রীয়েই হ’ল নৰেন্দ্র মোদী৷ কংগ্রেছৰ কার্যকালত অসম তথা উত্তৰ–পূর্বাঞ্চলক ভাৰতবর্ষৰ মানচিত্রত দেশৰ জনসাধাৰণে উপলব্ধি কৰিব পৰা নাছিল৷ কংগ্রেছৰ অপশাসনৰ বাবে ৰাজ্যখনৰ জনসাধাৰণে প্রাপ্য অধিকাৰৰ পৰা বাৰম্বাৰ বঞ্চিত হ’বলগীয়া হৈছিল৷
কিন্তু ২০১৪ চনৰ পৰা মোদীয়ে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বাবে যিমানখিনি শক্তিশালী পদক্ষেপ লৈছে, তাৰ ফলতেই অসমে দেশৰ ভিতৰতে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ অসমক সকলো দিশতে শক্তিশালী কৰাৰ বাবে প্রধানমন্ত্রীয়ে বিভিন্ন পদক্ষেপ লৈছে৷ বাজেটত হাজাৰ হাজাৰ কোটি টকা ধার্য কৰাৰ বাবে আজি অসমে দৃঢ়তাৰে আগুৱাই যাবলৈ সক্ষম হৈছে৷ শেহতীয়া বাজেটতো চাহ জনগোষ্ঠীৰ শিশু আৰু মহিলাৰ বাবে এহাজাৰ কোটি টকা ধার্য কৰি কেন্দ্রীয় চৰকাৰে সদিচ্ছাৰ পৰিচয় দাঙি ধৰিছে৷ শক্তিপীঠ কামাখ্যাৰ উন্নয়নৰ বাবে ৩০০ কোটি টকা, সত্র সংস্কৃতিৰ পীঠস্থান মাজুলী উন্নয়নৰ বাবে ১,০৯৭ কোটি টকা কেন্দ্রীয় চৰকাৰে ধার্য কৰিছে৷ তদুপৰি ৩৬খন জিলাৰ ১,৩০০ কিলোমিটাৰ বাট–পথৰ বাবে ৩৪ হাজাৰ কোটি টকা ধার্য কৰিছে৷ প্রধানমন্ত্রী মোদীৰ বলিষ্ঠ পদক্ষেপৰ বাবে অসমলৈ শান্তি ঘূৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে সন্ত্রাসবাদমুক্ত অসম গঢ়াৰ দিশত প্রধানমন্ত্রী মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহে আগবঢ়োৱা সহযোগিতাৰ বাবে আজি হাজাৰ হাজাৰ উগ্রপন্থী মূলসুঁতিলৈ উভতি আহিছে৷ বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ সমন্বয় যাত্রাৰ মোদীয়ে আগবঢ়োৱা সহযোগিতাৰো তেওঁ শলাগ লয়৷ ভাষণত তেওঁ আৰু কয় যে অসম চৰকাৰে লক্ষ্য স্থিৰ কৰা দুর্নীতিমুক্ত অসম, প্রদূষণমুক্ত অসম, সন্ত্রাসবাদমুক্ত অসম আৰু বিকশিত অসম গঢ়াৰ দিশত যি সফলতা লাভ কৰিছে, ইয়াৰ অন্তৰালতো প্রধানমন্ত্রী মোদীৰ উল্লেখযোগ্য অৱদান আছে৷ প্রধানমন্ত্রী মোদীয়ে কেৱল দেশবাসীৰ অন্তৰ জয় কৰাই নহয়, সমগ্র বিশ্ববাসীৰ অন্তৰ জয় কৰিছে৷ প্রধানমন্ত্রী মোদীৰ এক ভাৰত শ্রেষ্ঠ ভাৰতৰ স্বপ্ণ পূৰণ কৰাৰ দিশত অসমবাসীয়ে পূর্ণ সহযোগিতা আগবঢ়াব বুলি ভাষণত মুখ্যমন্ত্রী সোণোৱালে উল্লেখ কৰে৷