নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰজ বকুল বৰুৱাৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ দুলীয়াজান সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰজ বকুল বৰুৱাৰ চিকিৎসাধীন অৱস্থাত আজি গুৱাহাটীৰ ডাউন টাউন হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৭০ বছৰ। পৰজ বকুল বৰুৱা দুলীয়াজান সাহিত্য সভাৰ ১৯৮৬–১৯৮৯ চনলৈকে তিনিটা কাৰ্যকালৰ সভাপতি পদত থাকি দুলীয়াজান শাখাক গতিশীলতা প্ৰদান কৰাত অগ্ৰণী ভূমিকা লৈছিল। তেওঁৰ কাৰ্যকালৰ সময়তে দুলীয়াজান গ্ৰন্থমেলাৰ প্ৰতিষ্ঠা, মাহেকীয়া লেখা পাঠৰ অনুষ্ঠান “জোনালী চৰা”ৰ দৰে সৃষ্টিশীল কৰ্ম শুভাৰম্ভ কৰা লগতে দুলীয়াজানত জনগোষ্ঠীয় সমাৰোহ এখনিও আয়োজন কৰিছিল তেওঁৰ নেতৃত্বতে। এনেদৰে অগতানুগতিক কৰ্ম কৰি যোৱা সাহিত্য সংগঠক গৰাকী মৃত্যুৰ সময়লৈকে ডঃ ভূপেন হাজৰিকাৰ ফাউণ্ডেচনৰ উপদেষ্টা লগতে বিভিন্ন সাহিত্য-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত আছিল। সাহিত্য কৰ্মৰাজিৰ উপৰি অইল ইণ্ডিয়া লিমিটেডৰ অসামৰিক অভিযান্ত্ৰিক বিভাগৰ এগৰাকী মহাপ্ৰৱন্ধক হিচাপে অৱসৰ গ্ৰহণ কৰি পাছলৈ যোৰহাটতে পৰিয়ালৰ সৈতে স্থায়ীভাৱে বসবাস কৰিছিল পৰজ বকুল বৰুৱাই। বকুলবনৰ কবি প্ৰয়াত আনন্দ চন্দ্ৰ বৰুৱাৰ জ্যেষ্ঠ পুত্ৰ পৰজ বকুল বৰুৱাই মৃত্যুৰ সময়ত সহধৰ্মিণী বিশিষ্ট অনাতাঁৰ শিল্পী শুভ্ৰা বৰুৱা, জী-জোৱাঁই আৰু নাতি-নাতিনী তথা আত্মীয় স্বজন আৰু অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি যায়। এইগৰাকী নিষ্ঠাৱান সাহিত্যপ্ৰেমী, সাহিত্য সংগঠক ব্যক্তিৰ বিয়োগত শোকপ্ৰকাশ কৰি তেওঁৰ বিদেহ আত্মাৰ সদ্গতি কামনাৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে দুলীয়াজান সাহিত্য সভাৰ লগতে কেইবাটাও সাহিত্যানুষ্ঠান আৰু ব্যক্তি বিশেষে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like