নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত খেলিব লুৰিণজ্যোতিয়ে শিৱসাগৰত নিশ্চিত অখিল

জিএমচিএইচত অজাপ ৰাইজৰ দলৰ দুই নেতাৰ পুনৰ বৈঠক

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বন্ধ কোঠাত চূড়ান্ত হ’ল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ আসন বুজাবুজি৷ জি এম চি এইচত চিকিৎসাধীন হৈ থকা ৰাইজৰ দলৰ কাৰাবন্দী সভাপতি অখিল গগৈৰ লগত আজি পুনৰ বৈঠকত মিলিত হ’ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা৷ এই বৈঠকতে প্রথম পর্যায়ত নির্বাচন অনুষ্ঠিত হ’ব লগা ৪৭টা সমষ্টিৰ ক’ত, কোন দলে প্রতিদ্বন্দ্বিতা কৰিব, সেই সন্দর্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হয়৷ এই সিদ্ধান্ত অনুসৰি প্রথম পর্যায়ত অধিকসংখ্যক আসনত প্রতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে৷ শিৱসাগৰ সমষ্টিৰ পৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু দুলীয়াজান সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্রতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে৷ ইয়াৰ বাহিৰে আন সমষ্টিসমূহত কোনে প্রার্থিত্ব লাভ কৰিব, এই বিষয়ে সদৰী কৰাৰ পৰা দুয়োটা দলৰ শীর্ষ নেতৃত্ব বিৰত আছে৷ তেওঁলোকে কংগ্রেছ নেতৃত্বাধীন মহাজোঁট আৰু বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ প্রার্থী তালিকা চূড়ান্ত হোৱালৈ অপেক্ষা কৰিছে৷ বৈঠকৰ শেষত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে সকলো নির্বাচনকেন্দ্রিক সিদ্ধান্তক আজি চূড়ান্ত ৰূপ দিয়া হৈছে৷

দুই–এদিনৰ ভিতৰত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব৷ অসম জাতীয় পৰিষদ এতিয়াও ৰাষ্ট্রীয় আৰু সাম্প্রদায়িক দলৰে মিত্রতা নকৰাৰ সিদ্ধান্তত অটল আছে বুলি পুনৰ স্পষ্ট কৰি দিয়ে৷ ইপিনে, ৰাইজৰ দলৰ কার্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই কয় যে সমাগত নির্বাচনৰ প্রেক্ষাপটত দুয়োটা দলেই কংগ্রেছৰ ভূমিকাত উদ্বিগ্ণতা প্রকাশ কৰিছে৷ কংগ্রেছৰ আত্মৰম্ভিতাৰ বাবেই বিজেপি আকৌ এবাৰ শাসনলৈ অহাৰ পথ মুকলি হোৱাৰ উপক্রম হৈছে বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে বিহাৰত কংগ্রেছৰ আঁকোৰগোজ মনোভাবৰ বাবেই সম্ভাৱনা থাকিও তেজস্বী যাদৱৰ নেতৃত্বত চৰকাৰ গঠন নহ’ল৷ অসমতো দলটোৱে তেনে মনোবৃত্তিৰ পৰিচয় দিছে৷ যাৰ বাবে দিছপুৰত এখন ‘কা’বিৰোধী চৰকাৰ গঠনৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে৷ নির্বাচনৰ প্রাক্ক্ষণত দুই বিৰোধী দল কংগ্রেছ আৰু ৰাইজৰ দলৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা সংঘাত আন এক চর্চাৰ বিষয় হৈ পৰিছে৷ কংগ্রেছ–বিজেপিৰ পৰা আঁতৰত থাকি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে কি নির্বাচনী ৰণকৌশল গ্রহণ কৰে, সেয়াও অহা সময়ছোৱাত লক্ষণীয় হ’ব৷

You might also like