আছুৰ দুলীয়াজান অধিৱেশনঃ নেতৃত্ব ল’ব নোৱাৰিব ৪০ বছৰৰ ঊৰ্ধ্বৰ নেতাই!
নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ আছুৰ বিষয়বাব ল’ব নোৱাৰিব ৪০ বছৰৰ ঊৰ্ধ্বৰ নেতাই। আৰু কেতবোৰ নিয়ম সলনি হ’ব অসমৰ সৰ্ববৃহত ছাত্ৰ সংগঠনটোত।দুলীয়াজান অধিৱেশনত নিউজ লাইভৰ সাংবাদিকৰে হোৱা কথোপথনত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্য়োতি গগৈয়ে উল্লেখ কৰে এই কথা।
সম্পাদক লুৰিণজ্যোতিয়ে কয় যে বহুদিনৰ পৰা এই বিষয়ক লৈ আলোচনা হৈ আছে, এটা সময়ত আছু নেতৃত্বৰ বিবাহ বিষয়ক লৈ চৰ্চা হৈছিল, এতিয়া বয়সৰ কথাও চৰ্চালৈ আহিছে। পূৰ্বৰ দৃষ্টিভংগী সলনি কৰি নতুন দৃষ্টিভংগীৰে আছুক নৱনিৰ্মাণ কৰিব বিচৰা হৈছে। নতুন চিন্তা-চৰ্চাৰ সমাৱেশ আছুত কৰিব লাগিব।
অৱশ্যে এই বিষয়ে কোনো আনুষ্ঠানিক সিদ্ধান্ত আছুৱে এতিয়ালৈ প্ৰকাশ কৰা নাই যদিও সাধাৰণ সম্পাদক গগৈৰ ভাষ্যৰ পৰা ধাৰণা কৰিব পাৰি যে দুলীয়াজান অধিৱেশনৰ পিছত সদৌ অসম ছাত্ৰ সন্থাক দেখা যাব নতুন ৰূপত। উল্লেখ্য, আছুৰ পৰা সমুজ্জ্বল ভট্টাচাৰ্যই বিদায় ল’ব এই দুলীয়াজান অধিৱেশনতে।