নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিয়াত নিমজ্জিত কংগ্ৰেছ, ঘিলামৰাত দুই কংগ্ৰেছ কৰ্মী-সমৰ্থকৰ মাৰপিট-খেদাখেদি

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি ঢকুৱাখনা সমষ্টিত কংগ্ৰেছৰ মুকলি বিদ্ৰোহ। ৰাজপথতে ভাৰতীয় কংগ্ৰেছৰ দুই কৰ্মী-সমৰ্থকৰ মাজত লাগে মাৰপিট-খেদাখেদি। বৃহস্পতিবাৰে ঘিলামৰাত অনুষ্ঠিত হৈছিল ঢকুৱাখনা কংগ্ৰেছ দলৰ এখন কৰ্মী সভা।

সেই সভাতে প্ৰাক্তন মন্ত্ৰী ভৰত নৰহৰ বিৰোধিতা কৰি এচাম যুৱ কংগ্ৰেছীয়ে নতুন প্ৰাৰ্থী হিচাপে কালীদাস কামানৰ হৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়ক অভিজিত হাজৰিকাৰ হাতত। এই কথাত ক্ষুণ্ণ হয় ৰাজ্যসভাৰ সাংসদ তথা ৰাজ্যিক কংগ্ৰেছৰ উপ-সভাপতি ৰাণী নৰহ।

স্বামী ভৰত নৰহৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ অৱস্থানত ক্ষুব্ধ ৰাণী নৰহে খেদি পঠিয়াবলৈ চেষ্টা কৰে যুৱ কংগ্ৰেছৰ উক্ত দলটোক। ইয়াৰ পিছতে কালীদাস কামান আৰু ভৰত নৰহৰ সমৰ্থকৰ মাজত সৃষ্টি হয় মাৰপিটৰ ঘটনা। মাৰপিট-খেদাখেদিয়ে এনে পৰ্যায় পায়গৈ যে আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয়।

কালীদাস কামানৰ সমৰ্থকৰ ভাষ্য মতে, ৰাণী নৰহে তেওঁলোকৰ ৬০-৭০জন মান যুৱ কংগ্ৰেছীক খেদি পঠিওৱাৰ উপৰি গুণ্ডা তথা নৰহৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ হতুৱাই মাৰ-ধৰ কৰে।

লগতে পঢ়ক-

কংগ্ৰেছত আৰু বহু কাজিয়া হ’বলৈ বাকী আছেঃ গহপুৰত ড০ হিমন্ত বিশ্ব শৰ্মা

You might also like