নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ-স্বায়ত্ত শাসন প্রদানৰ দাবীত অৱস্থান ধৰ্মঘট

🔹 ১৬ ছেপ্টেম্বৰত পথ অৱৰোধ-২১ ছেপ্টেম্বৰত ধৰ্ণা কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্রদানৰ দাবীত আজি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে দুলীয়াজানৰ মাজমজিয়াৰ পিপলতল তিনিআলিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদী কার্যসূচীত জিলা আৰু আঞ্চলিক সমিতিসমূহৰ বিষয়ববীয়া তথা স্হানীয় ৰাইজে অংশগ্রহণ কৰি হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে-কার্ড লৈ “চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ লাগিবই”, “চুতীয়া জনগোষ্ঠীক স্বায়ত্ত শাসন প্রদান কৰক”, “আমাৰ দাবী মানিবই লাগিব”, “জনজাতিকৰণৰ নামত প্ৰতাৰণা কৰা বন্ধ কৰক” আদি  শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত নেতৃত্ব আগবঢ়াই জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি জিতু শইকীয়াই অতি ক্ষোভেৰে কয় যে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বাৰম্বাৰ প্ৰতাৰণা কৰাৰ প্ৰতিবাদত চুতীয়া ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে গ্রহণ কৰা এলানি প্রতিবাদী কাৰ্যসূচীৰ আজি তৃতীয়টো কাৰ্যসূচী অৱস্থান ধর্মঘট ৰূপায়ণ কৰাৰ পাছত অহা ১৬ ছেপ্টেম্বৰত পথ অৱৰোধ আৰু ২১ ছেপ্টেম্বৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। ইয়াৰ পিছতো যদি চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্রহণ নকৰে, তেন্তে আগন্তুক দিনত জিলা বন্ধ, অর্থনৈতিক অৱৰোধৰ দৰে জংগী আন্দোলনৰ কার্যসূচী গ্রহণ কৰাৰ হুংকাৰ প্ৰদান কৰে জিলা সমিতিয়ে। জিলা সভাপতি জিতু শইকীয়াৰ উপৰি উপ-সভাপতি ত্রিদীপ চুতীয়া, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পৰাগ খনিকৰকে ধৰি কেইবাজনো বিষয়ববীয়াই নেতৃত্ব প্রদান কৰা এই প্রতিবাদস্থলীত তাই আহোম ছাত্র সন্থা, তাই আহোম যুৱ পৰিষদ, আদিবাসী ছাত্র সন্থা, মটক যুৱ-ছাত্ৰ পৰিষদ আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ প্রতিনিধিয়ে অংশগ্রহণ কৰে। কাৰ্যসূচীৰ শেষত ৰাজহ চক্র বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like