নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ ডিব্ৰুগড় টেঙাখাট খণ্ড প্ৰাথমিক স্বাস্হ্যকেন্দ্ৰৰ অধীনস্হ দুলীয়াজানত ক’ভিড পজিটিভৰ সংখ্যা আজিৰ দিনটোত মুঠ ২৪ লৈ বৃদ্ধি পাইছে । বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেন্টাইন হৈ থকা ব্যক্তিৰ মাজত ক্ৰমাগত পজিটিভ বৃদ্ধিৰ সংখ্যাই চহৰখনৰ লগতে উপকন্ঠ অঞ্চলতো এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে ।
স্বাস্থ্য বিভাগে সদৰী কৰা তালিকা অনুসৰি ২৪ গৰাকী ক’ভিড পজিটিভ ৰোগীৰ ভিতৰত অসম গেছ কোম্পানী মেডিকেলৰ ফাৰ্মাচিষ্ট জয়ন্ত নাথ (৪৫) ৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে ।
বকুলনীস্হিত নীপকোৰ চি আৰ পি এফ প্ৰশিক্ষণ কেম্পত কোৱাৰেন্টাইন হৈ থকা জোৱান ক্ৰমে সৌৰভ সিঙ (২৮), প্ৰমাল দাস (৪৩), জে এ পাৰৱাজ (২৭), ভোলা পাছোৱান ( ৪৮), অবিনাশ কুমাৰ (৩৭), সূৰ্য্যবংশী সতীশ আন্না ( ৩৭), শৈলেশ কুমাৰ ৰাম ( ৩০), অনিল কুমাৰ (৪৬), বাবু দাস (৫৭), অবিনাশ কুমাৰ (২৭), পালৱিন্দৰ সিঙ (৩৯), কে সুৰেশ ( ৩০), এম চিৰঞ্জীৱি (২৬), বলিৰাম ৰয় ( ৫৫), বিশ্বজিৎ মণ্ডল, (৪২), কালিট সুন্দৰ (২৬), অৰবিন্দ কুমাৰ সিঙ ( ৩৯), ৰাম হৰ্ষ চৌহান (৪৫), জয় কুমাৰ বাৰ্মা (৩৪), ডি টং ৰাজা (২৯), এম বিনোথ (২৭) আৰু এ কে কৰ্মকাৰ (৪৮) উল্লেখিত ২২ গৰাকী চি আৰ পি এফ জোৱানৰ শৰীৰত ক’ভিডৰ লক্ষণ চিনাক্ত হৈছে ।
ইফালে দুলীয়াজান মহাবিদ্যালয়ৰ আই টি ভৱনৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা সন্দীপ যাদৱ (২৩) নামৰ আন এগৰাকী দেহতো ক’ভিড পজিটিভ পোৱা গৈছে ।