নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজাৰাত ডাম্পাৰে মহটিয়ালে এল্ট’ : এজনৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ৩০ ডিচেম্বৰ : আজাৰা থানাৰ অন্তৰ্গত হাটখোৱাপাৰাৰ  ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি দুপৰীয়া প্ৰায় ১ বজাত সংঘটিত এক ভয়াৱহ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয় । তীব্ৰবেগী ডাম্পাৰ এখনে পিছফালৰ পৰা এল্ট’ এখনক মহটিয়াই নিয়াৰ ফলত থিতাতে চালকজন  নিহত হয় । নিহত এল্ট’ চালকজন পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মিৰ্জাৰ লক্ষী দাসৰ পুত্ৰ পাৰ্থজ্যোতি দাস (৪০) বুলি চিনাক্ত কৰা হৈছে । প্ৰাপ্ত খবৰ মতে, এ এছ-২৫ এফ চি-২৭৪২ নম্বৰৰ বল্ডাৰভৰ্তি ডাম্পাৰখনে ধাৰাপুৰৰ পৰা মিৰ্জা অভিমুখে গৈ থকা অৱস্থাত দুপৰীয়া প্ৰায় ১ বজাত একে দিশতে আগে আগে গৈ থকা AS-01 AV-9673 নম্বৰৰ এল্ট’ এখনক পিছফালৰ পৰা তীব্ৰ বেগত  খুন্দিয়ায়। ফলত এল্ট’খন উফৰি গৈ পথ বিভাজকত থকা বিদ্যুতৰ খুঁটাত লাগি পুনৰ ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে ডিভাইডাৰৰ মাজৰ দুটাকৈ বিদ্যুতৰ খুঁটা উভালি পৰে । ইপিনে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত প্ৰায় এঘন্টা সময় ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল বন্ধ হৈ পৰে । পিছত দুৰ্ঘটনাৰ খবৰ পাই আজাৰা থানাৰ যান-বাহন শাখাৰ আৰক্ষী দুৰ্ঘটনাস্থলীলৈ গৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰি দুৰ্ঘটনাগ্ৰস্ত গাড়ী দুখন আৰু ঘাইপথত পৰা বল্ডাৰসমূহ আঁতৰাই দিয়াত পুনৰ যান-বাহনৰ চলাচল আৰম্ভ হয় । উল্লেখযোগ্য যে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বিভিন্ন ৰাজপথত দিনে-নিশাই ডাম্পাৰৰ দৌৰাত্ম্য অব্যাহত আছে । বিগত সময়ছোৱাত ডাম্পাৰৰ খুন্দাত বৃহত্তৰ আজাৰা অঞ্চলত কেইবাজনো লোক আহত-নিহত হ’বলগীয়া হৈছে ।
You might also like