নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন বিভাগক মেনেজ কৰি বজালীত দিনে-নিশাই ডাম্পাৰ-ট্ৰেক্টৰৰ সন্ত্ৰাস

🔹 জনজীৱনৰ প্ৰতি ভাবুকি, নিৰ্বিকাৰ প্ৰশাসন

🔹 টকাৰ লোভত ভূ-মাফিয়াক অনুমতি প্ৰদান ঘোচখোৰ বিষয়াৰ

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ : বজালীৰ ভিন্ন প্ৰান্তৰ চুকে-কোণে এতিয়া অবাধ গতিত চলিছে ডাম্পাৰ-ট্ৰেক্টৰৰ তাণ্ডৱ৷ বজালীৰ পথত এতিয়া নাই কোনোধৰণৰ নীতি-নিয়মৰ ব্যৱস্থা, টকা দিলেই যেন সকলো মেনেজ। যাৰ সুযোগ গ্ৰহণ কৰি একাংশ ডাম্পাৰ-ট্ৰেক্টৰে দিনে-নিশাই চলাইছে সন্ত্ৰাস ৷ উল্লেখযোগ্য যে বজালীৰ মাজেৰে প্ৰৱাহিত পহুমাৰা আৰু কালদিয়া নৈৰ বুকুৰ পৰা দিনে-নিশাই  পলস খনন কৰি একপ্ৰকাৰ আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে একাংশ ভূ-মাফিয়াই। যাৰ ফলত জনজীৱন একপ্ৰকাৰ বিপন্ন হৈ পৰিছে৷ তথাপি যেন কাণসাৰ নাই বিয়াগোম বন বিভাগৰ৷ বজালীৰ প্ৰতিটো মূল পথ, উপপথকে ধৰি যিকোনো পথতে এতিয়া মাটি কঢ়িওৱা ট্ৰেক্টৰ-ডাম্পাৰৰ পৰিপ্ৰেক্ষিতত একপ্ৰকাৰ জনজীৱন বিপদাপন্ন হৈ পৰাৰ লগতে সকলো ফালেই এতিয়া ধূলি ধূসৰিত পৰিৱেশে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে। তথাপি যেন নিৰ্বিকাৰ বজালী বন বিভাগৰ লগতে জিলা প্ৰশাসন৷ অভিযোগ অনুসৰি, বিয়াগোম বন বিভাগৰ লগতে প্ৰশাসনৰ একাংশ ঘোচখোৰ বিষয়াক মেনেজ কৰি অবাধ গতিত যিকোনো স্থানৰ পৰা ভূ-মাফিয়াসকলে চলাই গৈছে অবাধ খনন কাৰ্য৷ যাৰ প্ৰমাণ কালি বজালী জিলা আয়ুক্ত কাৰ্যালয়ৰ এগৰাকী উচ্চপদস্থ বিষয়াক মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই মাটিৰ ব্যৱসায়ৰ সৈতে জড়িত এগৰাকী লোকৰ পৰা ঘোচ লোৱা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰা ঘটনাই স্পষ্টকৈ উদঙাই দিছে৷ বন আইন, নদী আইনকো কোনোধৰণৰ কেৰেপ নকৰি একাংশ ঘোচখোৰ বিষয়াই নদীৰ পাৰকে ধৰি যিকোনো স্থানতে খনন কৰাৰ বাবে টকাৰ লোভত ভূ-মাফিয়াসকলক অনুমতি প্ৰদান কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছিল, সেয়া প্ৰতিফলিত হ’ল বজালীৰ সহকাৰী আয়ুক্ত এগৰাকীৰ গ্ৰেপ্তাৰৰ পিছত৷ উল্লেখ্য যে বজালীৰ মাজেৰে প্ৰৱাহিত কালদিয়া আৰু পহুমাৰা নৈত ডাম্পাৰে দিনে-নিশাই অবাধে মাটি কাটি অহাৰ পাছতো বজালীৰ বিয়াগোম বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ লক্ষণীয় যে জনসাধাৰণ তথা পৰীক্ষাৰ্থীসকলৰ সুবিধা-অসুবিধাৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নকৰা একাংশ ডাম্পাৰেৰে পহুমাৰা নৈৰ গহীনপাৰা, মেম্বৰৰঘাট, শিঙিমাৰী আদি অঞ্চলৰ নৈ পাৰৰ লগতে কালদিয়া নৈৰ ভিন্ন প্ৰান্তৰ পৰা দিনে-নিশাই মাটি সৰবৰাহ কৰি সকলো সময়তে ধূলি ধূসৰিত পৰিৱেশ সৃষ্টি কৰি একপ্ৰকাৰ জনজীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ পাছতো ৰাইজৰ অসুবিধাৰ প্ৰতি কেৰেপ কৰিবলৈ আহৰি নাই বন বিভাগৰ লগতে প্ৰশাসনৰ৷ দিনে-নিশাই অবৈধভাবে মাটি কঢ়িয়াই একপ্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি অহা ডাম্পাৰ-ট্ৰেক্টৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাসক ৰাইজে আহ্বান জনাইছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like