নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত অবৈধ খননৰ বিৰুদ্ধে অভিযান : জব্দ তিনি পলসভৰ্তি ডাম্পাৰ

বিশেষ বাৰ্তা, ৬ জানুৱাৰী : তিনিচুকীয়াৰ গুইজান আৰক্ষী চকীৰ অন্তৰ্গত নতুন ৰঙ্গাগড়াৰ লগতে কলীয়াপানী ঘাটত একাংশ দুষ্টচক্ৰই নিজৰ লাভালাভৰ স্বাৰ্থত ডাম্পাৰে ডাম্পাৰে অবৈধভাৱে পলস খনন কৰি অহাৰ বাতৰি বিগত দিনসমূহত ধাৰাবাহিকভাৱে নিয়মীয়া বাৰ্তাত সবিস্তাৰে প্ৰকাশ কৰি অহাৰ পাছত কালি সন্ধিয়া গুইজান আৰক্ষীৰ সহযোগত গুইজান বনবিভাগৰ এটা দলে অভিযান চলাই তিনিখন পলস কঢ়িয়াই অনা ডাম্পাৰ জব্দ কৰে বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত গুইজান বনাঞ্চলিক বিষয়া সান্তনা মেধিৰ পৰা জানিব বিচৰাত তেখেতে তিনিখন পলস কঢ়িওৱা ডাম্পাৰ জব্দ কৰা বুলি জানিব দিয়াৰ লগতে কৰণীয়খিনি কৰাৰ পাছত তিনিচুকীয়াৰ বনবিভাগক ডাম্পাৰকেইখন চমজাই দিয়া হয় বুলি জানিব দিয়ে ৷ জব্দ কৰা ডাম্পাৰ কেইখনৰ নম্বৰ ক্ৰমে এ এছ ০৬ এ চি ৪৯১০, এন এল ০৪ ডি ৬৮১৮ আৰু  এ এছ ২৩ বি চি ৬১২২ ৷ উল্লেখযোগ্য যে, দূৰ্গা পূজাৰ পাছতে নতুন ৰঙ্গাগড়াৰ লগতে কলীয়াপানী ঘাটত অবৈধভাৱে পলস খনন আৰম্ভ কৰাৰ পৰাই একপ্ৰকাৰে গুইজান-তিনিচুকীয়া আৰু নতুন ৰঙ্গাগড়া-তিনিচুকীয়া পথত একপ্ৰকাৰে পলস কঢ়িওৱা গাড়ীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ পুৱতিনিশাৰ পৰা নিশালৈ শ শ গাড়ীয়ে গেলাপুখুৰী আৰক্ষী চকী, গুইজান আৰক্ষী চকী, গুইজান বন বিভাগৰ কায্যালয়ৰ সন্মুখেদি অবৈধ পলসভৰ্তি বাহনসমূহ অহাযোৱা কৰি থকাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল জিলা প্ৰশাসন, আৰক্ষী কিম্বা বনবিভাগে ৷ শেহতীয়াকৈ পলস কঢ়িওৱা তিনিখন ডাম্পাৰ জব্দ কৰে যদিও অবৈধ পলস খননৰ জৰিয়তে লাখ লাখ টকা চৰকাৰৰ ৰাজহ লোকচান কৰি নিজৰ বিশাল সম্পত্তি গঢ়া দুষ্টচক্ৰৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে ডাম্পাৰকেইখন জব্দ কৰিয়েই নেদেখা কুলিৰ ভাও জুৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হৈ ৰ’ব ৷

প্ৰেৰক বিবেক বড়া

You might also like