নিয়মীয়া বাৰ্তা ১৪ জুনঃ ফুটবল খেলক কেন্দ্র কৰিয়েই ডুমডুমা আৰক্ষী থানাৰ অন্তর্গত ৰাইডাং চাহ বাগিচাত আজি সংঘটিত হ’ল এক চাঞ্চল্যকৰ কাণ্ড৷ ফুটবল খেলৰ মাজতে হোৱা কাজিয়াক লৈ চাহ বাগিচাখনৰ হাঁনচৰা ১২নং লাইনত সন্ধিয়া এজন যুৱকক দাৰে ঘপিয়াই হত্যা কৰা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ঘটনা সন্দর্ভত আৰক্ষী সূত্রে জানিব পৰা মতে, আনদিনাৰ দৰে আজিও চাহ বাগিচাখনৰ ১২নং লাইনৰ যুৱকসকলে ফুটবল খেলি থকাৰ সময়তে জুগনু তাঁতী (১৮) আৰু থমাচ চিকা (১৮) নামৰ যুৱক দুজনৰ মাজত কাজিয়াৰ সূত্রপাত ঘটে৷
অৱশ্যে কাজিয়াখন হোৱাৰ পাছত খেল সামৰি সকলো ঘৰলৈ যায়৷ কিন্তু কিছুসময় পাছতে জুগনু তাঁতীয়ে লগত আৰু এজনক লৈ থমাচ চিকাৰ ঘৰলৈ গৈ কথা পাতি থাকোঁতে হঠাতে উভয়পক্ষৰ মাজত কথাৰ কটা–কটি হয় আৰু তেনে সময়তে থমাচৰ পিতৃ ৰমেন চিকাই ভিতৰৰ পৰা হাতত এখন দা আনি জুগনু তাঁতী আৰু তেওঁৰ লগত যোৱা যুৱকজনক উপর্যুপৰি আক্রমণ কৰে৷ সেই আক্রমণত জুগনু তাঁতীৰ থিতাতে মৃত্যু হয়৷
ইফালে, এই ঘটনাৰ পাছত বাগিচাখনৰ লাইনটোৰ বাকী বাসিন্দাসকল ওলাই আহি ৰমেন আৰু থমাচক প্রহাৰ কৰাৰ লগতে তেওঁলোকৰ ঘৰত অগ্ণিসংযোগ কৰে৷ সেই সময়ত ৰমেন আৰু থমাচ ঘৰৰ ভিতৰতে আছিল৷ এই ঘটনাৰ খবৰ পাই ডুমডুমা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘৰৰ ভিতৰত থকা পিতৃ–পুত্রক বাহিৰলৈ উলিয়াই আনে যদিও দুটাকৈ চিলিণ্ডাৰৰ বিস্ফোৰণ হয়৷ পৰৱর্তী সময়ত অগ্ণিনির্বাপক বাহিনীৰ গাডী গৈ জুই নির্বাপণ কৰে৷ আনহাতে, ডুমডুমা আৰক্ষীয়ে মৃতদেহটোৰ লগতে হত্যাকাৰী ৰমেন চিকা আৰু পুত্র থমাচ চিকাক গ্রেপ্তাৰ কৰিছে৷ লগতে আঘাতপ্রাপ্ত আনজন যুৱকক চিকিৎসালয়লৈ প্রেৰণ কৰে৷ আনফালে, ৰমেন চিকাৰ পত্নী বর্তমানলৈকে পলাতক বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷