নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেওবাৰে ক’ভিড–১৯ত আক্রান্ত ২,১৬৭

ৰাজ্যত সুস্থ ৯০.১% আক্রান্ত

নিয়মীয়া বাৰ্তা ১৪ জুনঃ ৰাজ্যত অব্যাহত আছে ক’ৰোনা সংক্রমণৰ নিম্নগামী হাৰ৷ ৰাজ্য চৰকাৰে জাৰি কৰা কঠোৰ নীতি–নির্দেশনাৰ পাছত ক্রমাৎ উন্নত হ’বলৈ ধৰিছে ক’ভিড পৰিস্থিতি৷ দেওবাৰে ৰাজ্যত মুঠ ২,১৬৭জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷ আক্রান্ত লোকসকলৰ ভিতৰত ২২৬জন কামৰূপ (মহানগৰ) জিলাৰ৷ বিগত ২৪ ঘণ্টাত মুঠ ১,০০,৪৫৫টা নমুনা পৰীক্ষা সম্পন্ন কৰা হয়৷ এই সময়ছোৱাত পজিটিভিটীৰ হাৰ হৈছে ২.১৬ শতাংশ৷ আনহাতে, দেওবাৰে ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ৩৬জন লোকৰ৷ দেওবাৰে সুস্থতাৰ হাৰ হৈছে ৯০.১৪ শতাংশ৷

উল্লেখ্য যে প্রতিদিনে ৰাজ্যত এক লাখতকৈও অধিক নমুনা পৰীক্ষা সম্পন্ন কৰি আহিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ কালি ৰাজ্যত মুঠ ১,৬১,৮৯৬টা নমুনা পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ কালিৰ দিনটোত আক্রান্তৰ হাৰ আছিল ২.১৪ শতাংশ৷ কামৰূপ মহানগৰ জিলাৰ সমান্তৰালকৈ ৰাজ্যৰ আন কেইবাখনো জিলাত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ বিশেষকৈ কাছাৰ, তিনিচুকীয়া, শোণিতপুৰ, নগাঁৱকে ধৰি কেইবাখনো জিলাত দৈনিক দুই শতাধিক লোক আক্রান্ত হৈ আহিছে ক’ভিডত৷ অৱশ্যে ৰাজ্যত বিগত কেইবাদিনো ধৰি একেৰাহে আক্রান্ত হোৱা লোকতকৈ সুস্থ হৈছে অধিক লোক৷

You might also like