নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰৰ হাতীমূৰা দুৰ্গা মন্দিৰ চৌহদত বন্যহস্তীৰ জাক

বিশেষ বাৰ্তা, ১৮ জুন : বানপানীৰ আগতীয়া উমান পাই যেন নিজৰ সন্তানৰ সুৰক্ষাৰ কথা ভাবি হাতীমূৰা পাহাৰলৈ আজি পুৱাই ঢপলিয়াই আহিল এটা বনৰীয়া হাতীৰ জাক। এই লৈ অঞ্চলটোত সৃষ্টি হ’ল ভীষণ আতংকৰ। উল্লেখ্য যে কলিয়াবৰৰ ঐতিহাসিক হাতীমূৰা দুৰ্গা মন্দিৰ চৌহদতে ভিৰ কৰিছ বন্যহাতীৰ জাকটোৱে। কেইবাটাও পোৱালিসহ বৃহৎ হাতীৰ জাকটোৱে মন্দিৰৰ খটখটিৰে ওপৰলৈ প্ৰৱেশ কৰি উমলি থকাৰ কথাও সদৰী কৰে কেইজনমান প্ৰত্যক্ষদৰ্শীয়ে। তেওঁলোকে প্ৰকাশ কৰে যে হয়তো বানপানীৰ আগতীয়া উমান পাই খাদ্য আৰু ওখ ঠাইৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহে হাতীৰ জাকটো। ইফালে, বন্যহস্তীৰ জাকটোৱে নিশা জনাঞ্চলত প্ৰৱেশ কৰিব পাৰে বুলি আতংকিত হৈ পৰিছে অঞ্চলবাসী ।

প্ৰেৰক কনক হাজৰিকা

You might also like