নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াৰ চেৰেপাজানত দুৰ্যোধনৰ উৰুভংগ ভাওনাই মুহিলে শতাধিকক

বিশেষ বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ ১৯৮৮ চনতে প্ৰতিষ্ঠা লাভ কৰা নাহৰকটীয়া মহাবিদ্যালয় পথত অৱস্থিত চেৰেপাজান নামঘৰ-কৃষ্টি বিকাশ কেন্দ্ৰৰ ৩৫সংখ্যক প্ৰতিষ্ঠা দিৱস কালি দিনযোৰা বৰ্ণাঢ্য কায্যসূচীৰে অনুষ্ঠিত হৈ যায়। এই উপলক্ষে পুৱা পৰিৱেশ নিকাকৰণেৰ কায্যসূচী শুভাৰম্ভ কৰাৰ অন্তত অৱসৰপ্ৰাপ্ত শিক্ষক দুৰ্লভ কাকতিয়ে ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছতে বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী ৰূপায়ন কৰে বিশিষ্ট ধৰ্মপ্ৰাণ ব্যক্তি পূৰ্ণানন্দ শইকীয়াই। আনহাতে দুপৰীয়া নামপ্ৰসংগ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ অন্তত বিয়লি চেৰেপাজান নামঘৰ প্ৰতিষ্ঠাৰ লগত জড়িত অঞ্চলটোৰ বিশিষ্ট আৰু প্ৰয়াত ব্যক্তি সকলক কৃতজ্ঞতা আৰু মৰুণোত্তৰ সম্বৰ্ধনাৰ উদ্দেশ্য ৰে অনুষ্ঠিত কৰা অনুষ্ঠানটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰশান্ত দত্তই। উল্লেখযোগ্য যে সাংবাদিক প্ৰাঞ্জল ভূঞা আৰু ময়ুৰী কাকতিয়ে আঁতধৰা এই অনুষ্ঠানটোত প্ৰয়াত নৰেন্দ্ৰ নাথ কাকতী, নন্দলাল বৰঠাকুৰ, উমা ভূঞা, প্রিয়ধৰ কাকতি, ৰাজেন বৰা, গকুল শ্ৰুতিকৰ, কুলাই হাজৰিকা, বিপুল হাজৰিকা, মিত্ৰধৰ কলিতা, অমূল্য কটকী সুৰবালা কাকতী, কৃষ্ণা কাকতী, দেৱবালা ভূঞা, সুখ বৰা আদিকে ধৰি কেইবাগৰাকীও ব্যক্তিক মৰুণোত্তৰ ভাৱে আৰু সুলভ কাকতি, দুৰ্লভ কাকতি, অমূল্য কাকতী, পূৰ্ণানন্দ শইকীয়া, মণি বৰা, ভোগদা বৰা, ভোগদা কাকতি আদিকে ধৰি কেইবাগৰাকীও ব্যক্তিক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়। একেদৰে সন্ধিয়া নাহৰকটীয়াৰ বিধায়ক তৰঙ্গ গগৈয়ে উদযাপন স্থলীত উপস্থিত থাকি আনুষ্ঠানিক ভাৱে ফিটা কাটি মঞ্চ উদ্বোধন কৰাৰ পিছতে দিহানাম পৰিৱেশন কৰে দুলিয়াজানৰ টিপলিং নৱজ্যোতি অঞ্চলৰ সপ্তসুৰ আধ্যাত্মিক সাহিত্য সংস্কৃতি সাধনা কেন্দ্ৰৰ শিশু দিহানাম দলটিয়ে। প্ৰাঞ্জল ভূঞাই আঁতধৰা, তথা বিধায়ক গৰাকীৰ লগতে অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা এই অনুষ্ঠানটোত নিজৰ উদ্বোধনী ভাষণত বিধায়কগৰাকীয়ে বিশ্বায়নৰ ধামখুমীয়াৰ মাজতো নৱপ্ৰজন্মই অসমীয়া কলা কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিবলৈ চলোৱা এনে প্ৰচেষ্টাৰ বাবে উদযাপন সমিতিৰ সলাগ লয়। আনহাতে বিশিষ্ট সাংস্কৃতিক শিল্পী, চিত্ৰ নিৰ্মাতা, কবি, গায়ক তথা অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাই দুলিয়াজানৰ বিশিষ্ট সাংস্কৃতিক শিল্পী প্ৰাণপ্ৰতিম দত্তৰ দ্বাৰা পৰিচালিত আৰু স্থানীয় শিল্পী সকলৰ দ্বাৰা পৰিৱেশিত ভাওনা “দুৰ্যোধনৰ উৰু ভংগ” আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি এনে কৰ্ম সমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত নৱ প্ৰজন্মৰ উৎসাহ দেখি অভিভূত হৈ পৰা বুলি মন্তব্য কৰাৰ লগতে বক্তব্যৰ মাজতে কংসৰ বচন মাতি ৫ শতাধিক দৰ্শকক সন্মোহিত কৰি তোলে। প্ৰণিধানযোগ্য যে পুৱতি নিশা লৈকে দৰ্শকৰ উপস্থিতি থকা ভাওনা ভাগকে ধৰি দিনযোৰা সমূহ কাৰ্যসূচীতে যিসকল লোকে নিজৰ উপস্থিতিৰ লগতে কায়িক মানসিক তথা আৰ্থিক সহযোগিতা আগবঢ়ালে তেওঁলোক আটাইকে কৃতজ্ঞতা আগবঢ়াইছে উদযাপন সমিতিৰ সভাপতি মণি বৰা আৰু মুখ্য সম্পাদক প্ৰশান্ত বুঢ়াগোঁহাইয়ে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like