নিয়মীয়া বাৰ্তা, ২৩ ফ্ৰেব্ৰুৱাৰীঃ বিগত প্রায় পাঁচ মাহ ধৰি বৰষুণৰ অভাৱত বায়ুমণ্ডলত ধূলি–আৱর্জনাৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত দিনকদিনে প্রদূষণৰ মাত্রা ৰাজ্যজুৰি বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ বিশেষকৈ ফাগুনৰ ধূলিয়ৰি বতাহে ৰাজ্যৰ আকাশ বিষাক্ত কৰি তুলিছে৷ নিয়মীয়াভাৱে বায়ুমান সূচাংক (এ কিউ আই) বৃদ্ধি উদ্বেগজনক হৈ পৰিছে জনস্বাস্থ্যৰ বাবে৷ বিগত দুদিন ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে মহানগৰীত এ কিউ আয়ে ৩০০ৰ ঘৰ অতিক্রম কৰাৰ বাবে বায়ু প্রদূষণৰ মাত্রা শোচনীয় হোৱাটোকে বুজাইছে৷ প্রদূষণ নিয়ন্ত্রণ ব’ডৰ তথ্য অনুসৰি ২০ ফেব্রুৱাৰীত গুৱাহাটীত এ কিউ আই আছিল ৩১০৷ আনহাতে, ২১ ফেব্রুৱাৰীত এই পৰিমাণ আছিল ৩৪১৷ আজিও ৰাজ্যত এ কিউ আই ৩৪৬লৈ বৃদ্ধি পাইছে৷ কেৱল গুৱাহাটীয়েই নহয়, নগাঁও, নলবাৰী, শিৱসাগৰ, বঙাইগাঁৱকে ধৰি ভালেমান চহৰত বায়ু প্রদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ অত্যধিক ধূলিয়ে বায়ু প্রদূষণৰ মাত্রা ক্রমাৎ বৃদ্ধি কৰাৰ লগে লগে জনস্বাস্থ্যলৈও ভাবুকি কঢ়িয়াই আনিছে৷
বিশেষকৈ শিশুসকলে বিভিন্ন শ্বাস–প্রশ্বাসজনিত ৰোগত আক্রান্ত হোৱা পৰিলক্ষিত হৈছে৷ মহানগৰীতে বিগত ৪৮ ঘণ্টাত কেৱল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)ত ৫৪টা শিশু চিকিৎসাধীন কৰা হৈছে৷ হাস্পতালখনৰ কর্তৃপক্ষই সদৰী কৰা অনুসৰি সোমবাৰে পুৱা ৮ বজাৰ পৰা মঙলবাৰে পুৱা ৮ বজালৈ জি এম চি এইচত ৩৬টা শিশু ভর্তি কৰোৱা হৈছে৷ ইয়াৰে ২৫টা শিশুৱে শ্বাস–প্রশ্বাসজনিত ৰোগত আক্রান্ত৷ আনহাতে, মঙলবাৰে পুনৰ হাস্পতালখনত ১৮টা শিশু ভর্তি কৰোৱা হৈছে৷ ইয়াৰে আঠটি শিশুৱে শ্বাস–প্রশ্বাসজনিত ৰোগত আক্রান্ত৷ অৱশ্যে চিকিৎসাধীন হৈ থকা শিশুকেইটা সংকটমুক্ত বুলি জানিব পৰা গৈছে৷
কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি শিশুসকল বিগত দিনকেইটাত ব্রংকাইটিছ, নিউমনিয়া, হাপানী আদি ৰোগত আক্রান্ত হৈছে৷ তদুপৰি বহু শিশু চর্দি, কাহ, জ্বৰ আদিতো আক্রান্ত হৈ হাস্পতালত ভর্তি হ’বলগীয়া হৈছে৷ আক্রান্ত শিশুসকলৰ অধিকাংশই পাঁচ বছৰৰ অনূর্ধ্ব বুলি জানিব পৰা গৈছে৷ কেৱল শ্বাস–প্রশ্বাসজনিত ৰোগেই নহয়, বায়ু প্রদূষণে ছাল–চকু আদিৰ সমস্যাও বৃদ্ধি কৰিছে৷ চিকিৎসকে সদৰী কৰা অনুসৰি চকুত পানী কমি যোৱা অর্থাৎ চকু শুকান হৈ পৰা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ তদুপৰি চকু ফুলি উঠা, শৰীৰত এলার্জী হোৱা আদিৰ দৰে সংক্রামক ৰোগ ক্রমাৎ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ বিশিষ্ট চিকিৎসক তথা নেমকেয়াৰ হাস্পতালৰ স্বত্বাধিকাৰী ডাঃ হিতেশ বৰুৱাই প্রকাশ কৰা অনুসৰি সম্প্রতি হাস্পতালখনত ৪০জনতকৈও অধিক শ্বাস–প্রশ্বাসজনিত ৰোগত আক্রান্ত লোক চিকিৎসাধীন হৈ আছে৷ বিগত এসপ্তাহৰ ভিতৰত অস্ত্রোপচাৰ কৰিবলগীয়া ৰোগীৰ সংখ্যাতকৈ শ্বাস–প্রশ্বাসজনিত ৰোগত আক্রান্ত হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ এয়া যথেষ্ট চিন্তনীয় বুলি উল্লেখ কৰি তেওঁ শুকান বতৰৰ বাবে এনে হোৱা বুলিও মন্তব্য কৰে৷
জি এম চি এইচ অথবা নেমকেয়াৰেই নহয়, মহানগৰীৰ আন ব্যক্তিগত চিকিৎসালয়সমূহতো বহুসংখ্যক শিশু শ্বাস–প্রশ্বাসজনিত ৰোগত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে৷ সেয়েহে বায়ু প্রদূষণৰ মাত্রা বৃদ্ধি পোৱাৰ লগে লগে ৰাজ্যবাসীক সজাগ আৰু সাৱধানতামূলক উপায় অৱলম্বন কৰিবলৈ বিশেষজ্ঞ চিকিৎসকসকলে আহ্বান জনাইছে৷ মূলতঃ ঘৰৰ পৰা বাহিৰলৈ ওলোৱাতে মাস্ক পৰিধান কৰা, পুষ্টিকৰ খাদ্য নিয়মীয়াভাৱে গ্রহণ কৰা, প্রচুৰ পানী সেৱন কৰা আদি পৰামর্শ আগবঢ়াইছে৷ সমান্তৰালভাৱে অত্যন্ত প্রয়োজনীয় নহ’লে শিশুসকলক ঘৰৰ বাহিৰলৈ উলিয়াই নানিবলৈও চিকিৎসকসকলে আহ্বান জনাইছে৷