নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ই-অফিচৰ কাঠামোৱে বিষয়াৰ দক্ষতা নিশ্চিত কৰিব : প্ৰমোদ বড়ো

বিটিচি সচিবালয়ত ই- অফিচ মেনেজমেণ্ট ব্যৱস্থা আৰম্ভ

ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ, ২৫ জানুৱাৰী : বিটিচি সচিবালয়ত আজি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ই-অফিচ মেনেজমেন্ট ব্যৱস্থা আৰম্ভ কৰে ৷ বড়োই ই-অফিচ মেনেজমেণ্ট ব্যৱস্থা আৰম্ভ কৰি অসম চৰকাৰৰ পিছত এই ব্যৱস্থাটো গ্ৰহণ কৰা প্ৰথমখন ষষ্ঠ অনুসূচী পৰিষদ হিচাপে পৰিগণিত হোৱা বুলি সদৰি কৰে ৷ ই-অফিচৰ কাঠামোৱে কেৱল উন্নয়ন ক্ষিপ্ৰ কৰাই নহয়, বিষয়াসকলৰ মাজত দক্ষতাও নিশ্চিত কৰিব বুলি সদৰী কৰি প্ৰমোদ বড়োৱে কয় যে ই-অফিচে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ)ৰ পাঁচখন জিলাত বাস কৰা প্ৰায় পঁয়ত্রিশ লাখ নাগৰিকৰ সুবিধাৰ বাবে স্মার্ট গৱর্নেন্সৰ নতুন যুগৰ পথ প্রশস্ত কৰিছে। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সকলো বিষয়াক নির্দিষ্ট ব্যক্তিগত লগইন পৰিচয় আৰু ডিজিটেল স্বাক্ষৰ প্ৰদান কৰা হৈছে আৰু বিটিচি সচিবালয়ৰ ৫০টা বিভাগ, শাখা, আৰু কোষৰ পৰা ৬৫০০০কৈ অধিক ফাইল ডিজিটেলাইজ কৰা হৈছে৷ ই-কাৰ্যালয় পৰিচালনাৰ প্ৰক্ৰিয়া সুশৃংখলিত কৰিবলৈ মুখ্য কার্যবাহী সদস্য, কার্যবাহী সদস্য, বিটিচি বিধানসভাৰ অধ্যক্ষ, আৰু বিষয়াকে ধৰি সকলোৰে বাবে ব্যক্তিগত তথ্য ব্যৱস্থাপনা ব্যৱস্থা (পিআইএমএছ) তথ্য প্ৰস্তুত কৰা হৈছে। ইপিনে বিটিচিৰ যুটীয়া সচিব ভাস্কৰজ্যোতি ৰাজবংশীয়ে উল্লেখ কৰে যে ই-গভর্নেন্সৰ নতুন চাহিদা পূৰণৰ বাবে আই টি আন্তঃগাঁথনি উন্নীতকৰণ কৰা হৈছে আৰু বিটিচিৰ বাবে পৃথক ই-অফিচ চফটৱেৰ সৃষ্টিৰ কাম ২০২৩ চনৰ ১৬ ডিচেম্বৰত আৰম্ভ কৰি নিয়োগ কৰা হৈছে। তেওঁ লগতে উল্লেখ কৰে যে লে আউট ভাৰত চৰকাৰৰ ইলেক্ট্রনিকছ আৰু তথ্য প্রযুক্তি মন্ত্ৰালয়ৰ সহযোগী কোম্পানী এনআইচিএছআইৰ জৰিয়তে বিটিচি সচিবালয়ত স্থানীয় এলেকা নেটৱৰ্ক (লেন)ৰ কাম সম্পন্ন কৰা হৈছিল। বিটিচি সচিবালয়ত স্থাপন কৰা ই-লেবত ৰোল আউট টিম আৰু মাষ্টাৰ ট্ৰেইনাৰৰ দ্বাৰা হাতে কামে প্রশিক্ষণ দিয়া হয়। ফাইলসমূহ বৈজ্ঞানিকভাৱে সংৰক্ষণ কৰিবলৈ এটা অত্যাধুনিক ৰেকৰ্ড ৰুমও নিৰ্মাণ কৰা হৈছে। বিটিচি সচিবালয়ৰ কৰ্মচাৰীৰ পৰা ৮ (আঠ) জনীয়া মাষ্টাৰ ট্ৰেইনাৰৰ এটা দল বাছনি কৰি দিছপুৰত থকা অসম সচিবালয় (চিভিল)ৰ ই-অফিচৰ দলে প্রশিক্ষিত কৰি কাৰ্যকৰীকৰণৰ প্ৰাৰম্ভিক পর্যায়ত প্রক্রিয়াটো নিৰীক্ষণ কৰে। ই-অফিচ হৈছে চৰকাৰৰ ৰাষ্ট্ৰীয় ই-গভর্নেন্স প্ৰগ্ৰেমৰ অধীনত এক মিছন মোড প্রজেক্ট (এম এম পি)। ৰাষ্ট্ৰীয় তথ্যবিজ্ঞান কেন্দ্রই (এন আই চি) এই প্রডাক্টটো বিকশিত কৰিছে আৰু ইয়াৰ লক্ষ্য হৈছে অধিক কার্যক্ষম, ফলপ্রসূ আৰু স্বচ্ছ আন্তঃচৰকাৰী আৰু চৰকাৰী আভ্যন্তৰীণ লেনদেন আৰু প্ৰক্ৰিয়াৰ সূচনা কৰা।

প্ৰেৰক শুকুৰ আকন্দ

You might also like