নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ই-ৰিক্সাচালক শ্যাম কন্দৰ এছিয়ান-বিশ্ব পাঞ্জা প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন

🔹 চৰাইদেউৰ সৰ্বমুঠ চাৰিজনৰ যোগ্যতা অৰ্জন

নিয়মীয়া বাৰ্তা, ১৮ জুন : কৰ্মই ধৰ্ম বুলি বিশ্বাসী চৰাইদেউ জিলাৰ মৰাণৰ এজন উদীয়মান প্ৰতিভাশালী যুৱক শ্যাম কন্দ। মৰাণ নগৰ তথা দাঁতিকাষৰীয়া অঞ্চলত ই-ৰিক্সা চলাই জীৱিকা অৰ্জন কৰা শ্যাম কন্দই  পাঞ্জা খেলৰ চৰ্চা কৰি আহিছে দীৰ্ঘদিনৰ পৰা। আৰ্থিক অনাটনৰ মাজত নিজৰ প্ৰিয় ক্ৰীড়াবিদৰ চৰ্চা গোপনে অব্যাহত ৰাখি এদিন এই ক্ৰীড়াৰ যোগেৰে নিজকে চিনাকি কৰাৰ প্ৰবল হেঁপাহ পুহি ৰাখিছিল শ্যাম কন্দই। শেহতীয়াকৈ দুলীয়াজানত অনুষ্ঠিত সৰ্বভাৰতীয় পাঞ্জা প্ৰতিযোগিতাত চৰাইদেউ জিলা তথা অসম দলক প্ৰতিনিধিত্ব কৰি পদক অৰ্জনেৰে এছিয়ান পাঞ্জা প্ৰতিযোগিতালৈ আৰু ইউৰোপৰ গ্ৰীচত অনুষ্ঠিত হ’বলগীয়া বিশ্ব পাঞ্জা প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰি নিজৰ স্বপ্ন পূৰ্ণ কৰাৰ পথ প্ৰশস্ত কৰাৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। আনহাতে, এই বিশ্ব পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ব্যাপক আৰ্থিক সংকটৰ সন্মুখীন হৈছে। উল্লেখযোগ্য যে শ্যাম কন্দৰ উপৰি চৰাইদেউ জিলা তথা অসম দলক প্ৰতিনিধিত্ব কৰি এই প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে আৰু তিনিগৰাকী খেলুৱৈ ক্ৰমে অভিজিত বৰুৱা, বিদ্যুৎ বৰগোহাঞি আৰু সৌৰভজ্যোতি চেতিয়াই। এই খেলুৱৈসকলক চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ পেচিফিক ফিজিকেল ক্লাবত চৰাইদেউ জিলা পাঞ্জা সন্থাৰ সভাপতি জীৱন ফুকনৰ নেতৃত্বত চৰাইদেউ পাঞ্জা সন্থা আৰু সোণাৰি প্ৰেছ ক্লাবৰ দ্বাৰা বিশেষ সম্বৰ্ধনা জনোৱা হয় । মন কৰিবলগীয়া যে কষ্ট আৰু অদম্য মানসিক শক্তিৰে অতি কম আৰু সীমিত আন্তঃগাঁথনিৰ সত্ত্বেও নিজকে বিশ্ব স্তৰৰ প্ৰতিযোগিতালৈ প্ৰস্তুত কৰি যোগ্যতা অৰ্জন কৰা এই খেলুৱৈসকলক প্ৰয়োজন আৰ্থিক সহায়ৰ । কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ আৰু সামাজিকভাৱে দায়বদ্ধ জাতীয় অনুষ্ঠানসমূহৰ সহযোগিতালৈ এতিয়া বাট চাই ৰ’বলৈ বাধ্য হৈছে এইসকল প্ৰতিভাশালী খেলুৱৈয়ে।

প্ৰেৰক আব্দুল জাব্বাৰ

You might also like