ই–টেক্সবুক ব্যৱস্থাঃ অনলাইনযোগে ৮টা মাধ্যমত, ১৯টা ভাষাত উপলব্ধ হ’ব বিদ্যালয়ৰ পাঠ্যপুথি
- ৱেবছাইটৰ পৰা শিক্ষার্থীয়ে ডাউনলোড কৰিব পাৰিব পাঠ্যপুথি
- প্রথম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ উপলব্ধ হ’ব পাঠ্যপুথিৰ পিডিএফ ফাইল
নিয়মীয়া বাৰ্তা, ৪ মে’: শিক্ষা বিভাগে ছাত্র–ছাত্রীৰ বাবে সহায়ক হোৱাকৈ গ্রহণ কৰিছে এক বিশেষ পদক্ষেপ৷ অনলাইনৰ জৰিয়তে সকলো পাঠ্যপুথি যাতে শিক্ষার্থীসকলে লাভ কৰিব পাৰে তাৰ বাবে শিক্ষা বিভাগে আনুষ্ঠানিকভাৱে মুকলি কৰিলে ই–টেক্সবুক ব্যৱস্থা৷ ইয়াৰ জৰিয়তে প্রাক প্রাথমিক শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈকে শিক্ষার্থীসকলে বিদ্যালয়ৰ পাঠ্যপুথি অনলাইনতো লাভ কৰিব৷ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সমগ্র শিক্ষাৰ কাহিলিপাৰাস্থিত মিছন সঞ্চালকৰ কার্যালয়ত এটা অনুষ্ঠানত এই সুবিধাৰ শুভ উদ্বোধন কৰে৷
উল্লেখ্য যে শিক্ষার্থীসকলে scert.assam.gov.in, ahsec.assam.gov.in ৱেবছাইটত গৈ পাঠ্যপুথিসমূহ ডাউনলোড কৰিব পাৰিব৷ শিক্ষামন্ত্রীগৰাকীয়ে এই সন্দর্ভত কয় যে এই পদক্ষেপৰ জৰিয়তে ছাত্র–ছাত্রীসকলৰ লগতে শিক্ষক–শিক্ষার্থীসক যথেষ্ট উপকৃত হ’ব৷ এই পদ্ধতিৰ জৰিয়তে অতি সহজতে ছাত্র–ছাত্রীসকলে তেওঁলোকৰ আৱশ্যকীয় পাঠ্যপুথিৰ পিডিএফ ফাইল ডাউনলোড কৰিব পাৰিব৷ মন্ত্রীগৰাকীয়ে বিদ্যালয়সমূহত ডিজিটেল প্লেট প্লেনেল প্রদানৰ ব্যৱস্থা কৰা বাবে শিক্ষা বিভাগে পদক্ষেপ গ্রহণ কৰিছে বুলিও জানিবলৈ দিছে৷
ই–টেক্সবুকৰ জৰিয়তে ৮টা মাধ্যমৰ ১৯টা ভাষাত ৪৭৫খন পাঠ্যপুথি আপলোড কৰা হৈছে৷ এই পাঠ্যপুথিসমূহ শিক্ষার্থীয়ে ডাউনলোড ফর্মেটত পাব৷ মন কৰিবলগীয়া যে শিক্ষা বিভাগৰ দিনত চলিত বর্ষৰ বাবে প্রথম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ ৩,১৬,৯৭,৯১৮খন বিনামূলীয়া পাঠ্যপুথি ৫৯,৯৭,৯৭৫ গৰাকী ছাত্র–ছাত্রীৰ মাজত বিতৰণ কৰা হৈছে৷ ইফালে এই অনুষ্ঠানতে শিক্ষা সেতু এপ সন্দর্ভত মন্ত্রী ডাঃ পেগুৱে প্রকাশ কৰা মতে এতিয়ালৈ ৩৪ হাজাৰ বিদ্যালয়ে এই এপত শিক্ষক–শিক্ষয়িত্রী, বিদ্যালয়ৰ প্রফাইল আপলোড কৰিছে৷ কাৰিকৰী কাৰণত এতিয়ালৈ ১৩০০গৰাকী শিক্ষক–শিক্ষয়িত্রীয়ে তেওঁলোকৰ প্রফাইল আপলোড কৰা নাই৷ শিক্ষা সেতু এপত বিদ্যালয়সমূহে তেওঁলোকৰ প্রফাইল আপলোড কৰাৰ পিছত ১০ মে’ৰ পৰৱর্তী সময়ত ইয়াত আপলোড কৰা প্রফাইলসমূহ পর্যালোচনা কৰা হ’ব৷ আনহাতে শিক্ষা সেতু এপ গ্রহণ কৰিবলৈ একাংশ শিক্ষক সংগঠনে কৰা আপত্তি সন্দর্ভত শিক্ষামন্ত্রীগৰাকীয়ে শিক্ষাক বন্ধকত থৈ সমস্যা সমাধান নহয়৷ চৰকাৰে এপদ এপদকৈ শিক্ষকৰ সমস্যা সমাধান কৰি আছে৷ ই–টেক্সবুক মুকলি অনুষ্ঠানত অসম ৰাজ্যিক পাঠ্যপুথি প্রণয়ন আৰু প্রকাশন নিগম লিমিটেডৰ অধ্যক্ষ দেৱেন্দ্র হাজৰিকা, উপাধ্যক্ষ তুলসী বৰঠাকুৰ, পৰিচালন সঞ্চালক এছ এন চৌধুৰী, এছ চি আৰ টিৰ সঞ্চালক ড০ নিৰোদা দেৱীৰ লগতে শিক্ষা বিভাগৰ কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে৷