নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুকালমুৱাত লম্পট শিক্ষকক চেণ্ডেলেৰে কোবাই উত্তম-মধ্যম অভিভাৱকৰ

বিশেষ বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ শিক্ষকতাৰ নিচিনা পৱিত্ৰ বৃত্তিত নিয়োজিত এগৰাকী শিক্ষকে নিজ বিদ্যালয়ৰে একাংশ ছাত্ৰীৰ স’তে অসৎ উপায় অৱলম্বন কৰাৰ অভিযোগত উত্তপ্ত হৈ পৰে নলবাৰী জিলাৰমুকালমুৱাৰ ২নং নাৰুৱাৰ এখন চৰকাৰী বিদ্যালয়। বৰক্ষেত্ৰী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত বৰক্ষেত্ৰী আঞ্চলিক বড়ো এম. ই. বিদ্যালয়ত আজি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। অভিযোগ অনুসৰি, বিদ্যালয়খনৰ কেইগৰাকীমান ছাত্ৰীক মন্টু কুমাৰ মেধি নামৰ এজন শিক্ষকে অসৎ অভিপ্ৰায়ৰে অকলে ফুৰাবলৈ লৈ যোৱাৰ অভিযোগত আজি লম্পট শিক্ষক গৰাকীক অভিভাৱক সকলে উত্তম মাধ্যম শোধায়। কালি বিদ্যালয়খনৰ শিক্ষকগৰাকীয়ে বিদ্যালয়খনৰ সপ্তম আৰু অষ্টম শ্ৰেণীৰ কেইগৰাকীমান ছাত্ৰীক বিদ্যালয় চলি থকাৰ সময়তে অন্য এটা ঠাইলৈ লৈ গৈছিলে। ওচৰৰে অন্য লোকৰ বাসগৃহত ছাত্ৰীকেইগৰাকীৰ সৈতে খানা খোৱাৰ বাবে লৈ গৈছিল। এই বিষয়টোৰ সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ লগতে অন্য শিক্ষক সকলো অৱগত নাছিল। এই ঘটনাক কেন্দ্ৰ কৰিয়ে আজি বিদ্যালয়খনত ছাত্ৰী কেইগৰাকীৰ অভিভাৱকে উপস্থিত হৈ শিক্ষক গৰাকীক উত্তম মাধ্যম শোধায়। শিক্ষক মন্টু কুমাৰ মেধিয়ে অসৎ অভিপ্ৰায় লৈ ছাত্ৰীকেইগৰাকীক তেনেদৰে  লৈ যোৱাৰ অভিযোগ কৰে অভিভাৱক সকলে। যাৰ বাবে শিক্ষকগৰাকীক বিদ্যালয়তেই চেণ্ডেলেৰে কোবাই উত্তম মাধ্যম শোধায় অভিভাৱকসকলে। পৰৱৰ্তী সময়ত বিদ্যালয়খনত দৌলাশাল আৰক্ষী উপস্থিত হৈ শিক্ষকগৰাকীক উদ্ধাৰ কৰি লৈ যায়। ইফালে, বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ ভাষ্য অনুসৰি শিক্ষক মন্টু কুমাৰ মেধিয়ে পূৰ্বৰে পৰা অনিয়মিতভাৱে বিদ্যালয়ত উপস্থিত থাকে আৰু মাজে সময়ে শিক্ষকগৰাকীয়ে মদ্যপান কৰিও বিদ্যালয়লৈ আহে বুলি অভিযোগ কৰে। ইপিনে, দৌলাশাল আৰক্ষীয়ে চৰিত্ৰহীন শিক্ষকজনক শিশু যৌন নিৰ্যাতন প্ৰতিৰোধি আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
You might also like