নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ পৰা কামৰূপ মহানগৰত পূর্বৰ সময়ত পাঠদান

বিশেষ বাৰ্তা, ৪ জুন : কামৰূপ (মহানগৰ) জিলাত বিদ্যালয়সমূহৰ পাঠদান আজিৰ পৰা পুনৰ স্বাভাৱিক সময়সূচী অনুসৰি হ’ব৷ অর্থাৎ শৈক্ষিক পঞ্জী অনুসৰি পূর্বৰ নির্ধাৰিত সময় মতে জিলাখনৰ বিদ্যালয়সমূহত পাঠদান আৰম্ভ হ’ব৷ কামৰূপ (মহানগৰ) জিলাৰ বিদ্যালয়সমূহৰ পৰিদর্শক দীপিকা চৌধুৰীয়ে জিলা আয়ুক্তৰ নির্দেশ অনুসৰি এক জাননীৰ জৰিয়তে এই কথা সদৰী কৰিছে৷ উল্লেখ্য যে প্রচণ্ড গৰমৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যৰ আন জিলাৰ সমান্তৰালকৈ কামৰূপ (মহানগৰ) জিলাৰ চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময় আগুৱাই দিয়া হৈছিল৷ যোৱা ২২ মে’ত এক নির্দেশনাৰ জৰিয়তে কামৰূপ মহানগৰ জিলাত নিম্ন প্রাথমিকৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজালৈ আগুৱাই দিয়া হৈছিল৷ সেইদৰে মধ্য ইংৰাজী বিদ্যালয়সমূহত পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ পাঠদানৰ সময়সূচী নির্ধাৰণ কৰা হৈছিল৷ কিয়নো মে’ মাহৰ শেষৰফালে ৰাজ্যত গ্রীষ্মপ্রবাহৰ ফলত স্বাভাৱিক জীৱনযাত্রা ব্যাহত হৈ পৰে৷ অধিকাংশ স্থানতে পাৰাস্তম্ভই ৪০ ডিগ্রী চেলছিয়াছ স্পর্শ কৰাত ঘৰৰ পৰা বাহিৰলৈ ওলাই অহাটো একপ্রকাৰ অসম্ভৱ হৈ পৰে৷ আনকি চিকিৎসকসকলেও শিশু, গর্ভৱতী মহিলা আৰু বৃদ্ধ তথা ৰুগীয়া লোকসকলক প্রয়োজন নহ’লে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ পৰামর্শ প্রদান কৰে৷ যাৰ পৰিপ্রেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদর্শকে এক নির্দেশনাৰ জৰিয়তে পাঠদানৰ সময় আগুৱাই দিয়ে৷ অৱশ্যে সাগৰীয় ঘূর্ণি ৰেমালৰ প্রভাৱত হোৱা বৰষুণৰ ফলত যোৱা ২৬ মে’ৰ পৰা ৰাজ্যৰ তাপমাত্রা হ্রাস পাবলৈ আৰম্ভ কৰে৷ সম্প্রতি ৰেমালৰ লগতে দক্ষিণ–পশ্চিম মৌচুমীৰ প্রভাৱত ৰাজ্যত বৰষুণ অব্যাহত থকাৰ ফলত তাপমাত্রা স্বাভাৱিক মাত্রালৈ হ্রাস পায়৷ এনে কাৰণতে জিলাখনৰ বিদ্যালয়সমূহৰ পাঠদান স্বাভাৱিক সময়ত আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷

 

You might also like