পূর্বে এবাল্টি পানী আনিবলৈ যাবলগীয়া হৈছিল ৫ কিলোমিটাৰ দূৰলৈ
🔹 কেন্দ্রৰ আঁচনিয়ে পোহৰ বিলাইছে ৰাজস্থানৰ গ্রামাঞ্চলত
ৰাজস্থানৰ বাৰমেৰৰ পৰা দিগন্ত বৈৰাগী, ৪ জানুৱাৰী : ‘৩ বছৰমানৰ আগলৈকে এবাল্টি পানী আনিবলৈ প্রায় ৫ কিলোমিটাৰ যাবলগীয়া হৈছিল৷ এটা কুঁৱাৰ পৰা ৬/৭খন গাঁৱৰ লোকে পানী সংগ্রহৰ বাবে দীঘলীয়া শাৰী পাতিছিল৷ কেতিয়াবা দিনটোৰ অধিক সময় পানীৰ বাবেই গৈছিল৷ এম জি এনৰেগাই আমাৰ কষ্ট লাঘৱ কৰিলে৷ চৰকাৰৰ পৰা এনৰেগাৰ অধীনত পোৱা ধনেৰে এটা পকী পানীৰ টেংকি নির্মাণ কৰিলোঁ৷ তাত প্রায় ৩০,০০০ লিটাৰ বৰষুণৰ পানী জমা হয়, যাৰ জৰিয়তে ৬/৭মাহ জুৰি যায়৷ একেদৰে পিএমএৱাই ঘৰ লাভ কৰিলোঁ, যাৰ জৰিয়তে এক স্থায়ী ঠিকনা পোৱাৰ লগতে বিজুলী, গেছ সংযোগ লাভেৰে আনন্দৰে দিন অতিবাহিত কৰিছোঁ৷’ এয়া ৰাজস্থানৰ অর্ধ মৰু জিলা বাৰমেৰৰ কুৰলা পঞ্চায়ত নিৱাসী ধামী দেৱীৰ মন্তব্য৷ প্রেছ ইনফৰমেচন ব্যুৰ’, গুৱাহাটীৰ উদ্যোগত ৰাজস্থানত কেন্দ্রীয় চৰকাৰৰ কল্যাণমূলক আঁচনি ৰূপায়ণৰ বুজ ল’বলৈ অসমৰ পৰা প্রেৰণ কৰা ১২জনীয়া দলটোৱে কালি ক্ষেত্র পৰিদর্শনৰ সময়ত ধামী দেৱীয়ে ক’লে চৰকাৰী আঁচনিয়ে তেওঁৰ জীৱনত অনা পৰিৱর্তনৰ কথা৷ ধামী দেৱীৰ দৰেই পঞ্চায়তৰ মহিলাসকলে বিভিন্ন সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে৷ ইফালে, কুৰলা পঞ্চায়তৰ চৰপঞ্চগৰাকীয়ে জনোৱা মতে, প্রায় তিনি হাজাৰ জনসংখ্যা থকা পঞ্চায়তত প্রায় ৮০ শতাংশ দৰিদ্র পৰিয়ালে এনেদৰেই নিজা ঘৰ, পানীৰ টেংকি আৰু চৰকাৰৰ অন্যান্য আঁচনিৰ সুবিধা লাভ কৰিছে৷ নতুন চৰকাৰে পঞ্চায়তসমূহক মিনি সচিবালয়লৈ ৰূপান্তৰ কৰা বুলি চৰপঞ্চগৰাকীয়ে সদৰী কৰে৷ ইয়াৰ পৰাই সকলো কল্যাণমূলক আঁচনিৰ কাম তদাৰক কৰা হয়৷ তদুপৰি, নৱগঠিত ভজনলাল শর্মা চৰকাৰে দায়িত্ব গ্রহণ কৰিয়েই নির্বাচনৰ ইস্তাহাৰত দিয়া প্রতিশ্রুতি পালনত ব্যস্ত হৈ পৰিছে৷ প্রধানমন্ত্রী মোদীয়ে শেহতীয়াভাৱে পাঁচখন ৰাজ্যত উদ্বোধন কৰা বিকশিত ভাৰত সংকল্প যাত্রা ৰাজস্থানৰ গ্রামাঞ্চলতো ক্ষিপ্রগতিত অগ্রসৰ হোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ জৰিয়তে চৰকাৰী আঁচনি সম্পর্কে অজ্ঞাত লোকসকলক সজাগ কৰি প্রধানমন্ত্রীৰ সপোনৰ বিকশিত ভাৰতৰ দিশত ৰাজস্থানকো আগুৱাই নিয়াৰ অহৰহ প্রয়াস চলিছে৷ গাঁও পঞ্চায়ত এলেকাত কৰা উন্নয়নমূলক কাম–কাজৰ বিষয়ে গাঁও উন্নয়ন বিষয়া কংৱৰাজ সিং আৰু সভাপতি দেৱৰাম চৌধুৰীয়েও সাংবাদিকৰ আগত অৱগত কৰে৷ অনুষ্ঠানত কার্যবাহী অভিযন্তা ৰামলাল জৈন, ৰাজেন্দ্র সিং আৰু অন্যান্য বিভাগীয় বিষয়াসকলো উপস্থিত থাকে৷ ইফালে, বিয়লি ৪ বজাত ধন্নে কী তলা গাঁও পঞ্চায়তৰ মুখ্য কার্যালয়ত আয়োজিত বিকশিত ভাৰত সংকল্প যাত্রা শিবিৰ পৰিদর্শন কৰা হয়৷ বিকশিত ভাৰত সংকল্প যাত্রা শিবিৰত দৈনিক সহস্রাধিক লোকে পিএম স্বনিধি, পিএম কিষাণ, প্রধানমন্ত্রী উজ্জ্বলা যোজনা, আয়ুষ্মান ভাৰত, পিএম বিশ্বকর্মা, পিএম পোষণ আঁচনিত থিতাতে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ পূর্বে বাৰমেৰ জিলা সদৰত উপস্থিত হোৱা সাংবাদিকৰ দলটোক জিলা উপায়ুক্ত অৰুণ পুৰোহিত আৰু মুখ্য কার্যবাহী বিষয়া শিৱপাল জাটে আদৰণি জনায়৷ অনুষ্ঠানত জিলা উপায়ুক্ত অৰুণ পুৰোহিতক সংবাদ মাধ্যমৰ দলটোৰ ফালৰ পৰাও সম্ভাষণ জনায় আৰু অসম সম্পর্কীয় এখন গ্রন্থ, গামোচা আৰু অসমৰ চাহৰ টোপোলা উপহাৰস্বৰূপে আগবঢ়ায়৷ জিলা উপায়ুক্ত পুৰোহিতেও ৰাজস্থানৰ কলা আৰু সংস্কৃতিৰ ওপৰত আধাৰিত এখন কফি টেবুল বুক সাংবাদিকৰ দলটিক প্রদান কৰে৷ বাৰমেৰ জিলাত কৰা উন্নয়নমূলক কামৰ বিষয়ে তথ্য প্রদান কৰি জিলা উপায়ুক্ত পুৰোহিতে কয় যে যোৱা কেইবছৰমানত বামেৰৰ বাসিন্দাসকলৰ জীৱন ধাৰণৰ মান যথেষ্ট উন্নত হৈছে৷ গ্রামাঞ্চলত অর্থনৈতিক সমৃদ্ধিৰ লগতে, শিক্ষা, চিকিৎসা আৰু পানীৰ সৈতে সম্পর্কিত সুবিধাবোৰ সম্প্রসাৰণ হৈছে৷ উল্লেখ্য, ৰাজস্থান ভ্রমণ কৰা অসমৰ সাংবাদিকৰ দলটোৱে ৭ জানুৱাৰীলৈকে যোধপুৰ, বাৰমেৰ, জৈছালমেৰ জিলাৰ বিভিন্ন অঞ্চল ভ্রমণ কৰিব আৰু বিকশিত ভাৰত সংকল্প যাত্রা উপলক্ষে আয়োজন কৰা শিবিৰসমূহ আৰু বিগত ১০ বছৰত কেন্দ্রীয় চৰকাৰে ৰূপায়ণ কৰা উন্নয়নমূলক কাম–কাজৰ পর্যালোচনা কৰিব৷