বিশেষ বাৰ্তা, ১৭ মেঃ আজি উচ্চতম ন্যায়ালয়ে যৌন নিৰ্যাতনৰ গোচৰত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বিভিক গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা প্ৰদান কৰে। আদালতে তেওঁক ৫০ হাজাৰ টকাৰ বণ্ডত আগজাননীমূলক জামিন দি তদন্তত সহযোগ কৰিবলৈ কয়। অসম যুৱ কংগ্ৰেছৰ বহিষ্কৃত সভাপতি অংকিতা দত্তই দাখিল কৰা গোচৰত গৌহাটী উচ্চ ন্যায়ালয়ৰ আগতীয়া জামিন আবেদন নাকচ কৰা আদেশক প্ৰত্যাহ্বান জনাইছিল শ্ৰীনিবাসে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ সঞ্জয় কেৰলৰ বিচাৰপীঠে অসম চৰকাৰ আৰু অন্যান্যসকলক জাননী জাৰি কৰাৰ লগতে ১০ জুলাইৰ ভিতৰত বিষয়টোৰ উত্তৰ দাখিল কৰিবলৈও কয়। বিচাৰপীঠে কয়, ‘আমি চি আৰ পি চিৰ (ধাৰা) ১৬৪ৰ অধীনত দিয়া বক্তব্য পঢ়িছো যিটো বিচাৰ বিভাগে অতি কৃপা কৰি আমাৰ সন্মুখত ৰাখিছে। আমি এই পৰ্যায়ত ৰাষ্ট্ৰৰ বিৰুদ্ধে একো ক’ব নিবিচাৰো। ইয়াত কোৱা হৈছে যে, ‘এফ আই আৰ পঞ্জীয়নত এমাহ পলম হোৱাৰ কথা বিবেচনা কৰিলে আবেদনকাৰীয়ে অন্তৰ্ৱৰ্তীকালীন সুৰক্ষাৰ অধিকাৰী। উচ্চতম ন্যায়ালয়ে শ্ৰীনিবাসক ২২ মে’ত আৰক্ষীৰ সন্মুখত হাজিৰ হ’বলৈ কয়। যোৱা ৫ মে’ত গৌহাটী উচ্চ ন্যায়ালয়ে অসম যুৱ কংগ্ৰেছৰ বহিষ্কৃত সভাপতি অংকিতা দত্তই দাখিল কৰা গোচৰটোত শ্ৰীনিবাসৰ আগতীয়া জামিন আবেদন নাকচ কৰিছিল। দত্তই ১৮ এপ্ৰিলত ধাৰাবাহিক টুইটযোগে শ্ৰীনিবাসৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। অংকিতা দত্তই এটা টুইটযোগে অভিযোগ কৰিছিল যে বিগত ছমাহ ধৰি শ্ৰীনিবাসে তেওঁক মানসিক হাৰাশাস্তি আৰু লিংগ বৈষম্যৰ বলি কৰিছিল। একে সময়তে শ্ৰীনিবাসে কৈছিল যে যেতিয়া কোনো ব্যক্তিয়ে অভিযোগ উত্থাপন কৰে তেতিয়া তেওঁ নিশ্চিত হ’ব লাগে যে তেওঁ নিজেই দোষী নহয়।
Next Post
You might also like