নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰপ্ৰদেশৰ পৰা দিল্লীলৈ ভূমিকম্পৰ কম্পন : অভিকেন্দ্ৰ নেপাল

বিশেষ বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ ভূমিকম্পৰ বাবে প্ৰতিদিনে কঁপি আছে পৃথিৱী। আজি আকৌ এবাৰ দিল্লীৰ পৰা উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আনকি নেপালতো ইয়াৰ কম্পন অনুভৱ হয়। ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল নেপাল। ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৪.৮। নেপালৰ জুমলাৰ পৰা ইয়াৰ কেন্দ্ৰ আছিল প্ৰায় ৭০ কিলোমিটাৰ। কিন্তু দিল্লী এনচিআৰত হোৱা ভূমিকম্পৰ কম্পন মৃদু আছিল। ক’ৰ পৰাও কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই। একে সময়তে উত্তৰাখণ্ডৰ পিথোৰাগড়ত দিনৰ ১.৩০ বজাত ভূমিকম্পৰ কম্পন অনুভৱ হয়। ইয়াত ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৪.৪। ইয়াত ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল নেপালৰ জুমলাৰ পিথোৰাগড়ৰ পৰা ১৪৩ কিলোমিটাৰ দূৰত্বত ১০ কিলোমিটাৰ মাটিৰ তলত। শেহতীয়াকৈ দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (এনচিআৰ)ত ভূমিকম্পৰ কম্পন অবিৰতভাৱে অনুভৱ কৰা হৈছে। আনকি প্ৰায় দুসপ্তাহ পূৰ্বেও দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। তেতিয়াও ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল নেপালৰ মাটিৰ তলত ১০ কিলোমিটাৰ। যোৱা কেইমাহমানৰ পৰা নেপালত সঘনাই ভূমিকম্পৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বে ২৪ জানুৱাৰীত নেপালত ৫.৮ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। যোৱা বছৰৰ নৱেম্বৰ মাহত নেপালত ৬.৩ প্ৰাবল্যৰ ভূমিকম্পৰ কম্পন হৈছিল। উল্লেখ্য যে মাহটোৰ আৰম্ভণিতো ভূমিকম্প হৈছিল। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতো ভূমিকম্পৰ বাবে পশ্চিম উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ ভূমি পুনৰ কঁপি উঠিছিল। হাৰিয়ানা আৰু পশ্চিম উত্তৰ প্ৰদেশৰ কিছু অংশত এই ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত আছিল ৩.২। ইয়াৰ পূৰ্বে ৫ জানুৱাৰীত দিল্লী-এনচিআৰত ভূমিকম্পৰ প্ৰবল কম্পন অনুভৱ হৈছিল। ৰিখটাৰ স্কেলত ৮ প্ৰাবল্যতকৈ অধিক ভূমিকম্পক অতি প্ৰবল বুলি গণ্য কৰা হয়। তুৰস্কত ভূমিকম্পৰ তীব্ৰতা আছিল ৭.৮। দেওবাৰে তুৰস্ক আৰু ছিৰিয়াত পুনৰ ৬.৪ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়। তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পই ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে আৰু এতিয়ালৈকে ৪৫ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে।

You might also like