নিয়মীয়া বাৰ্তা, ৩ মে” : লাহোৱাল বজাৰৰ মাজমজিয়াত অৱস্থিত একাধিক চাহ মিঠাইৰ হোটেলৰ যি ভিতৰুৱা অপৰিস্কাৰ পৰিৱেশ সেই পৰিৱেশ দেখিলে হয়তো গ্ৰাহক সকলৰ চকু কপালত উঠাটো তেনেই স্বাভাৱিক বুলি লাগিব।
হোটেলসমূহত খাদ্য প্ৰস্তুত কৰা যি পাত্ৰ সেই পাত্ৰসমূহ পৰিস্কাৰ পৰিচ্ছন্ন নকৰাকৈয়ে গ্ৰাহকক খাদ্য বস্তু প্ৰদান কৰি অহা বুলি গ্ৰাহকসকলে দীৰ্ঘদিনৰ পৰা অভিযোগ প্ৰদান কৰি অহাৰ সময়তে কালি পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বত থকা এগৰাকী লোকে পুৱা চাহ খাবলৈ একোখন হোটেলত বহিছিল ৷
খাদ্য বস্তু লৈ সন্মুখত লৈ বহাৰ সময়তে খাদ্যত বিষাক্ত পোক এটা প্ৰত্যক্ষ কৰাত খাদ্য গ্ৰহণ নকৰাকৈয়ে হোটেলখনৰ পৰা উঠি আহিবলগীয়া পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে হোটেল কেইখনৰ আভ্যন্তৰীণ বা বাহ্যিক পৰিৱেশ ইমানেই কৰ্দয যে নাক মুখ ধৰি হোটেল কেইখনত গ্ৰাহকে প্ৰৱেশ কৰি খাদ্য গ্ৰহণ কৰিবলগীয়া হয় বুলি অভিযোগ উঠিছে ৷ লাহোৱাল বজাৰৰ মাজ মজিয়াত কোনোধৰণৰ প্ৰস্বাৱগাৰ নথকাত বজাৰলৈ অহা লোকসকলে মুকলি ঠাইতে শৈচ প্ৰস্বাব কৰাৰ ফলত এজাক বৰষুণ দিলেই হোটেল কেইখনৰ ভিতৰলৈ বাগৰি অহা পৰিলক্ষিত হৈ আহিছে ৷
তেনে এক অস্বাস্থ্যকৰ পৰিৱেশত হোটেল প্ৰদান কৰি গ্ৰাহকক অখাদ্য যোগান দি অহা হোটেল কেইখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৷
প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই