নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগমনিত জগদ্ধাত্ৰী পূজাৰ খিচিৰী খাই অসুস্থ অৰ্ধশতাধিক

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ ধুবুৰীৰ আগমনি ৰাজহ চক্ৰৰ অন্তৰ্গত পাবৰচৰা গাঁৱত জগদ্ধাত্ৰী পূজাৰ খিচিৰী খাই অৰ্ধশতাধিক লোক অসুস্থ হৈছে। উল্লেখ্য যে দুই দিন পূৰ্বে পাবৰচৰা গাঁৱৰ সেনপাৰা মন্দিৰত অনুষ্ঠিত হৈছিল জগদ্ধাত্ৰী পূজা। পূজাৰ অন্তত নিশা উদ্যোগতাসকলে পূজাস্হলীত ভক্তৰ মাজত বিতৰণ কৰিছিল খিচিৰী। খিচিৰী খোৱাৰ পিছতে ভক্তগণ নিশা ঘৰমুৱা হয়। সেই নিশাই একাংশৰ পেটৰ বিষ আৰু শৌচ আৰম্ভ হয়। কালি কিছুসংখ্যক তেনে ৰোগীক আগমনি সমুহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। আজিও পাৱৰচৰা গাঁওখনৰ প্ৰতিমা সেন, শ্যামল সেন, তগৰ সেন, অংকিতা সেন, অনিমা সেন আৰু বিন্দেশ্বৰ সেনক আগমনি সমুহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয়। সম্প্ৰতি গাঁওখনত অৰ্ধশতাধিক ৰোগী প্ৰসাদৰ বিষক্ৰিয়াত শয্যাগত হৈ আছে। ইপিনে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক, আগমণি সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক চিকিৎসা কৰ্মী আজি গাঁওখনত উপস্থিত হৈ ৰোগীসকলক চিকিৎসা প্ৰদান কৰি আছে।

প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়

You might also like