নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ অর্থনীতি পুনৰুজ্জীৱিতকৰণৰ কৌশল নির্ধাৰণঃ পৰামৰ্শদাতা সমিতি গঠন

ৰাজ্যৰ অর্থনীতি পুনৰুজ্জীৱিতকৰণৰ কৌশল নির্ধাৰণ

নিয়মীয়া বাৰ্তা, ৪ মে’ : ক’ভিড–১৯সৃষ্ট দুর্যোগে নমাই অনা স্থবিৰতাৰ অৱসান ঘটাই ৰাজ্যখনৰ অর্থনৈতিক প্রেক্ষাপটৰ পুনৰুজ্জীৱিতকৰণৰ কৌশল নির্ধাৰণৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দেওবাৰে এখন পৰামর্শদাতা সমিতি গঠন কৰি দিছে ৷ ভাৰতীয় অসামৰিক সেৱা (আই এ এছ)ৰ অৱসৰপ্রাপ্ত বিষয়া সুভাষ চন্দ্র দাসৰ নেতৃত্বত গঠন কৰা এই আঠজনীয়া সমিতিয়ে ৰাজ্যৰ সাম্প্রতিক অর্থনৈতিক প্রেক্ষাপটৰ বিভিন্ন দিশ অধ্যয়ন কৰিব আৰু সংকটৰ পৰা ৰাজ্যখনক এক আর্থিকভাৱে সচ্ছল অৱস্থালৈ অনাৰ বাবে ল’বলগীয়া সময়সাপেক্ষ পদক্ষেপসমূহ সন্দর্ভত ৰাজ্য চৰকাৰক প্রয়োজনীয় পৰামর্শ দিব ৷

সমিতিৰ অন্যান্য সদস্যসকল হ’ল– অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত উপাচার্য ড০ কে এম বুজৰবৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ মাধুর্য বেজবৰুৱা, অমিয় কুমাৰ দাস ইনষ্টিটিউট অৱ ছ’চিয়েল ছেইঞ্জ এণ্ড ডেভেলপমেণ্টৰ সহযোগী অধ্যাপক ড০ জয়দীপ বৰুৱা, ৰাষ্ট্রীয় গ্রামীণ বিকাশ নিধিৰ কার্যবাহী সঞ্চালক ড০ অমিয় শর্মা, এৰিয়াছ ছ’চাইটীৰ কৃষি–বাণিজ্য পৰামর্শদাতা গৌতম গোস্বামী, ভাৰতীয় কিষাণ সংঘৰ ৰাজ্যিক সাংগঠনিক সম্পাদক কৃষ্ণকান্ত বৰা আৰু জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন ৷

উল্লেখ্য যে ২৮ এপ্রিলত মুখ্যমন্ত্রী সোণোৱালে ৰাজ্যৰ ২৯জন অর্থনীতিবিদ আৰু বিশেষজ্ঞৰ সৈতে এক বৈঠকত মিলিত হৈছিল ৷ বৈঠকত অর্থনীতিবিদসকলে ৰাজ্যখনক অর্থনৈতিকভাৱে স্বনির্ভৰশীল কৰি তোলাৰ লগতে ক’ভিড–১৯সৃষ্ট আর্থিক সংকটৰ জোৰা মৰাৰ বাবে বিভিন্ন হ্রস্বম্যাদী আৰু দীর্ঘম্যাদী পদক্ষেপ গ্রহণৰ পৰামর্শ দিছিল ৷ অর্থনীতিবিদসকলে ৰাজ্যৰ অর্থনীতি পুুনৰুদ্ধাৰৰ বাবে কেতবোৰ বিশেষজ্ঞ সমিতি আৰু টাস্ক ফ’চ গঠনৰো পৰামর্শ আগবঢ়াইছিল ৷ তেওঁলোকৰ পৰামর্শৰ প্রতি তাৎক্ষণিক সঁহাৰি স্বৰূপেই মুখ্যমন্ত্রী সোণোৱালে দেওবাৰে এই পৰামর্শদাতা সমিতি গঠন কৰি দিয়ে ৷

You might also like