নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলীৰ বিৰুদ্ধে অর্থনৈতিক অৱৰোধ দল–সংগঠনৰ

নিয়মীয়া বাৰ্তা ৪ জুলাইঃ লখিমপুৰ জিলা বন বিভাগৰ অধীনৰ তথা পথালিপাম বন খণ্ডৰ অন্তর্গত দুলুং বনাঞ্চলৰ অসম–ৰুণাচল প্রদেশ সীমান্তৰ ৰূপহী ৰাজগডত দুয়ো ৰাজ্যৰ সীমাক লৈ পুনৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ কেইমাহমান পূর্বে সীমান্তৱর্তী ঠাইখনত ৰাজ্য চৰকাৰে স্থাপন কৰা এটা বি অ’ পিক লৈ দুয়ো ৰাজ্যৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল, যদিও দুয়ো ৰাজ্যৰ জিলা পর্যায়ৰ প্রশাসনিক বিষয়াৰ মাজত অনুষ্ঠিত হোৱা আলোচনামর্মে সংঘাত শাম কাটিছিল৷ কিন্তু অৰুণাচলীয়ে নিজৰ আগ্রাসী মনোভাব অব্যাহত ৰাখি অসমৰ ভূমিতেই গেট স্থাপন কৰি, অসমীয়াৰ প্রৱেশ নিষিদ্ধ কৰি অত্যাচাৰ আৰম্ভ কৰিলে৷ অসম চৰকাৰ তথা লখিমপুৰ জিলা প্রশাসনৰ দুর্বল ভূমিকাৰ বাবে চুবুৰীয়া ৰাজ্যৰ আৰক্ষীৰ দ্বাৰা নির্যাতিত হ’বলগীয়া হৈছে অসমৰ ভূমিতেই অসমীয়াসকল৷ প্রাপ্ত তথ্য মতে, পৰহি ১ জুলাইৰ দিনা ৰূপহী ৰাজগডৰ তিল নোৱাৰ নামৰ যুৱক এজনক অৰুণাচলী আৰক্ষীয়ে বিনা অপৰাধত প্রহাৰ কৰা ঘটনাক লৈ সীমান্তত পুনৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ অৰুণাচলী আৰক্ষীৰ অত্যাচাৰত ক্ষুদ্ধ হৈ পৰে বগীনদীৰ আছু, আগছু আৰু এ জে ৱাই চি পিকে ধৰি আন কেইবাটাও সংগঠনে৷ কালিৰে পৰা অৰুণাচলীৰ বিৰুদ্ধে ৰাজগডত অর্থনৈতিক অৱৰোধ অব্যাহত ৰাখিছে৷ সীমান্তত সৃষ্টি হোৱা উত্তেজনাৰ পিছতেই আজি দিনৰ ১১ বজাত আছু, আগছু আৰু এ জে ৱাই চি পিৰ এটা প্রতিনিধি দলৰ সৈতে কদম ৰাজহ চক্রৰ চক্র বিষয়া গোপাল শর্মা আৰু বগীনদী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া সৰোজ দলেৰ নেতৃত্বত লখিমপুৰ জিলা প্রশাসনৰ এটা দলে বিবদমান সীমান্ত নিৰীক্ষণ চকী নির্মাণস্থলীত উপস্থিত হৈ পৰিস্থিতি পর্যবেক্ষণ কৰাৰ উপৰি উপস্থিত দল–সংগঠনৰ নেতৃত্বক ১৫ৰ পৰা ২০ দিনৰ ভিতৰত বি অ’ পি নির্মাণৰ কাম আৰম্ভ কৰাৰ প্রতিশ্রুতি দিয়ে৷ কিন্তু জিলা প্রশাসনৰ হৈ কদম ৰাজহ চক্রৰ কার্যালয়ে প্রদান কৰা এই আশ্বাসক লৈ সন্তুষ্ট নহয় স্থানীয় দল–সংগঠন৷ এইক্ষেত্রত স্থানীয় সংগঠনসমূহৰ স্পষ্ট অভিযোগ– ইয়াৰ পূর্বেও সীমা সমস্যাক লৈ দুয়ো ৰাজ্যৰ সীমামূৰীয়া লোকৰ মাজত সৃষ্টি হোৱা দ্বন্দ্বৰ সময়তো জিলা প্রশাসনে দুয়ো ৰাজ্যৰ সীমা সমস্যাৰ মকাবিলা কৰা আৰু সীমান্তৰ ৰাইজক নিৰাপত্তা দিয়াৰ পূর্ণ আশ্বাস প্রদান কৰিছিল৷ প্রশাসনৰ আশ্বাসৰ মাজতে অৰুণাচলীয়ে নিজৰ আগ্রাসী চৰিত্র অব্যাহত ৰাখি অসমৰ মাটিতে গেট স্থাপন কৰি অসমীয়াৰ প্রৱেশ নিষিদ্ধ কৰি অসমীয়াৰ ওপৰত অত্যাচাৰ কৰিবলৈ সাহস কৰিলে৷ এইক্ষেত্রত সংগঠনৰ নেতৃত্বই অসমৰ মুখ্যমন্ত্রী আৰু বন বিভাগৰ দুর্বল ভূমিকাক লৈ তীব্র সমালোচনা কৰিছে৷ অসমীয়াই বনভূমি বেদখল কৰিলে তৎক্ষণাৎ উচ্ছেদ কৰিবলৈ সাহস গোটোৱা বন বিভাগে আজিলৈকে কিয় অৰুণাচলীয়ে বেদখল কৰি গাঁও স্থাপন কৰি অসমৰ মাটি বেদখল কৰি থকা দেখিও উচ্ছেদ কৰাৰ সাহস গোটাব পৰা নাই বুলি প্রশ্ণ কৰিছে৷ এইক্ষেত্রত লখিমপুৰ জিলা বন প্রাধিকাৰীগৰাকীৰ ৰহস্যজনক ভূমিকাত ব্যাপক দুর্নীতিৰ গোন্ধ পাইছে৷ বনভূমিৰ অন্তর্গত সীমান্তত পূর্বৰে পৰা সৃষ্টি হৈ থকা সীমা সমস্যাক লৈ এদিনো বিবদমান স্থলীত আহি উপস্থিত নোহোৱা বন বিষয়াজনে অসমৰ ৰাইজৰ বিপত্তি কথা শুনাৰ পৰিৱর্তে, জিলাখনৰ চোৰাং ব্যৱসায়ীৰে মিতিৰালি কৰি বনজ সম্পদ লুণ্ঠন কৰি টকা লুটিপুটি খোৱাতহে ব্যস্ত হৈ আছে৷ তেনে এক দুর্নীতিগ্রস্ত বন বিষয়াক জিলাখনৰ বনজ সম্পদ আৰু বনভূমিৰ ৰক্ষক পাতি, সর্বানন্দ সোণোৱালৰ দুর্নীতিবিৰোধী স্থিতিৰ সমালোচনা কৰি, শীঘ্রেই জিলা বন বিষয়াক নিলম্বিত কৰি সীমা সমস্যা সমাধান কৰিবলৈ মুখ্যমন্ত্রী তথা অসম চৰকাৰক দাবী জনাইছে৷

You might also like