🔹 দিল্লীত আলফা-চৰকাৰৰ ঐতিহাসিক শান্তি চুক্তি
বিশেষ বাৰ্তা, ২৯ ডিচেম্বৰ : আজি দিল্লীত আলফা-চৰকাৰৰ মাজত ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰিত হয়। দিল্লীৰ নৰ্থ ব্লকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে আলফা নেতৃত্বৰ উপস্থিতিত এই শান্তি চুক্তি স্বাক্ষৰিত হয়। এই শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ ফলত অসমে ডেৰ লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজ পাব। তদুপৰি আইআইএম, আৰ্কিটেকচাৰ ইউনিভাৰ্ছিটী, ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বহু প্ৰকল্প পাবলৈ সক্ষম হ’ব। এই শান্তি চুক্তিয়ে খিলঞ্জীয়াক দিব ৰাজনৈতিক সুৰক্ষা। তদুপৰি এই চুক্তিৰ জৰিয়তে সমষ্টি পুনৰ নিৰ্ধাৰণৰ মূল গাঁথনিও অক্ষুণ্ণ থাকিব ।